সমগ্ৰ উওৰ-পূৱ ভাৰতক এক উন্নতমানৰ চিকিৎসা সেৱা আগবঢ়োৱাৰ এক প্ৰচেষ্টাৰে আগবাঢ়ি আহিছে হেলথ্ ডিএনএ নামৰ এখন একক স্বাস্থ্যমঞ্চ। এমুঠি বৃত্তিধাৰী তথা বুদ্ধিজীৱী লোকৰ যুটীয়া প্ৰয়াসেৰে সামূহিক বিকাশৰ উদ্দেশ্যৰে সামাজিক দায়বদ্ধতাৰে লোৱা এক নিস্কলুষ পদক্ষেপ হেলথ্ ডিএনএ। এই স্বাস্থ্যমঞ্চ খনে প্ৰধানকৈ উত্তৰ-পূৱ ভাৰতৰ সমগ্ৰ গাঁও‍ অঞ্চলৰ স্বাস্থ্যখণ্ডক উন্নত কৰাৰ প্ৰয়াস কৰি এক উন্নত মানদণ্ডৰ চিকিৎসা সেৱা প্ৰদান কৰিব। সাম্পতিক কালত উপভোক্তাৰ মাজত দীৰ্ঘম্যাদি স্বাস্থ্য পৰিকল্পনাই প্ৰাধান্য পাইছে। সেয়েহে হেলথ্ ডিএনএ তেলিমেডিচিন, ঘৰতে গৈ ৰোগী পৰীক্ষা কৰা, ঘৰতে ঔষধ‍ যোগান ধৰা ইত্যদি বিষয় সমূহত গুৰুত্ব আৰোপ কৰিছে।

ৰোগীয়ে যদি কোনো স্থানীয় চিকিৎসকক যোগাযোগ কৰিব বিচাৰে সেয়াও হেলথ্ ডিএনএ সমাধান কৰিব। লেবৰেটৰী টেষ্টৰ বাবে প্ৰয়োজনীয় তেজ বা অন্য নমুনা ঘৰতে সংগ্ৰহ কৰি ইমেইল বা ডাকঘৰ বা কোৰিয়াৰ সেৱাৰ জৰিয়তে ৰিপৰ্ট সমূহ ঘৰতে দিয়াৰ ৱ্যৱস্থা কৰিছে। ভিডিঅ কলিংৰ জৰিয়তে ভাৰতৰ যিকোনো চিকিৎসকৰ চিকিৎসা তথা পৰামৰ্শ গ্ৰহন কৰিব পাৰিব। জটিল ৰোগৰ ক্ষেত্ৰত মেডিকেল টুৰিজিম এৰাব নোৱাৰা বিষয়। হেলথ্ ডিএনএ-ৰ জৰিয়ত অনায়াসে ভাৰতৰ যিকোনো হস্পিতাললৈ গৈ চিকিৎসা কৰাই আহিব পাৰিব। লক্ষ্যনীয় বিষয় এয়ে যে এই স্বাস্থ্যমঞ্চ খনৰ যিকোনো সেৱা নূন্যতম মূল্যৰ বনিময়ত উপলব্ধ, যাতে সমাজৰ সকলো শ্ৰেণীৰ লোকে হেলথ্ ডিএনএ সেৱা গ্ৰহন কৰিব পাৰে।

কেন্দ্ৰীয় তথা ভাৰত চৰকাৰৰ যুটীয়া প্ৰচেষ্টাৰ পিচতো উওৰ-পূৱ ভাৰতৰ স্বাস্থ্যখণ্ডৰ অৱস্থা পুতৌজনক। বিশেষকৈ পিছপৰা গাঁও সমূহত। এই দিশটোৰ প্ৰতি লক্ষ্য ৰাখি মিনতলাইম, গ্লবেল ফ্ৰেণ্ডচিফ চ'ছাইটি তথা এনজিঅ-ৰ সহযোগত গুৱাহাটিৰ পলাশবাৰীত যোৱা  ৩০ চেপ্টোম্বৰত "কেয়াৰ ফৰ য়ৰ হাৰ্ট" শিৰোনামাৰ এক চিকিৎসা শিবিৰ অনুস্থিত কৰে। চিকিৎসা শিবিৰত বিনামূলীয়াকৈ ৰোগীৰ সম্পূৰ্ণ স্বাস্থ্য পৰীক্ষা কৰা হয়। ঔষধ, বিভিন্ন লেব টেষ্ট , ই.চি.জি. ইত্যাদিত বিশেষ ৰেহাই দিয়াৰ উপৰিও নূন্যতম মূল্যত মেডিকেল কিত্ যোগান ধৰা হয়। তৰোপৰি স্বাস্থ্য সজাগতা বক্তৃতাৰো আয়োজন কৰা হয়। উক্ত চিকিৎসা শিবিৰটোত প্ৰধানকৈ হৃদপিণ্ডৰ স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া হয়।

সৰ্বোপৰি এই স্বাস্থ্যমঞ্চ খনৰ আন এক বিশেষ পদক্ষেপ হ'ল "মবাইল এপ" লঞ্চ। এই এপটোৰ জৰিয়ত উপভোক্তাই চিকিৎসা সম্পৰ্কীয় যিকোনো কাম নিমিষতে সমাধা কৰিব পাৰিব। অহা মাহৰ ভিতৰত এপটো গুগুল প্লে ষ্টৰত উপলব্ধ হব আৰু সকলোৱে ইয়াৰ সুবিধা গ্ৰহন কৰিব পাৰিব।

উল্লেখযোগ্য যে উওৰ-পূৱ ভাৰতত উপভোক্তাক উন্নত মানৰ স্বাস্থ্যসেৱা আগবঢ়াবলৈ একত্ৰিত হোৱা হেলথ্ ডিএনএ হৈছে প্ৰথম পদক্ষেপ। যাক সকলোৱে আদৰি লোৱা পৰিলক্ষিত হৈছে।