ডিজিটেল ডেস্কঃ ৰাজনীতি দুৰ্নীতি আৰু অপৰাধী এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি বুলি কলেও হয়তো বঢ়াই কোৱা নহ’ব। ৰাজনীতিত হত্যাকাৰী, অপৰাধী, দুৰ্নীতিকাৰী লোকেৰে ভৰি থকা বুলি সোচ্চাৰ হৈ পৰাজনেই মন্ত্ৰী-বিধায়ক হোৱাৰ পিছতেই সহজ ধনৰ লালসাত লিপ্ত হৈ পৰে দুৰ্নীতিত। অৱশ্যে ৰাজনীতিত সৎ নেতা নথকা নহয়।
এটি সমীক্ষাৰ পিছত প্ৰাপ্ত তথ্য অনুসৰি ভাৰতৰ ৩৫% মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে বিভিন্ন ধৰণৰ আপৰাধ। ইয়াৰ বিপৰিতে ৮১% মুখ্যমন্ত্ৰী কোটি পতি বুলি জানিব পৰা গৈছে। ৰাজনৈতিক দল কাম কৰা অহা স্বেচ্ছাসেৱী অনুষ্ঠান এডিআৰ আৰু নেচনেল ইলেকচন বাচে কৰা সমীক্ষাত এই কথা পোহৰলৈ আহিছে। দুয়োটা অনুষ্ঠানে দেশৰ ২৯ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশক সাঙুৰি বিধানসভা নিৰ্বাচনৰ সময়ত মুখ্যমন্ত্ৰীসকলে দাখিল কৰা তথ্যৰ অনুসন্ধানত এই বিষয়ে জানিব পৰা গৈছে।