49
অভয়াপুৰীঃ বিপদাপন্ন সোণালী বান্দৰৰ আবাসস্থলী হিচাপে পৰিচিত ভৈৰৱচুড়া পাহাৰত বহিৰাগত ব্যৱসায়ীৰ বিনাদ্বিধাই শিল খনৰৰ বাবে বনবিভাগে দিয়া অনুমতিক লৈ ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে।
ৰাজ্যখনৰ ভিতৰতে তৃতীয় বৃহত্তম পাহাৰ হিচাপে জনা যোৱা বঙাইগাওঁ জিলাৰ বইটামাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত উক্ত পাহাৰখনত বনবিভাগে অবৈধভাবে কমিচনৰ বিনিময়তে এনেদৰে জৈৱবৈচিত্ৰ ধ্বংস কৰাৰ দিশে আগবাঢ়িছে বুলি ৰাইজৰ মত।