গুৱাহাটীঃ বৰপেটা শান্তি সভাত যিখন বুথ সন্মিলনৰ কথা ক’বলৈ লওতে জিভা পিছল খাইছিল সেই সন্মিলনখনতে আজি ভুলৰ পুনৰাবৃত্তি কৰে ভাষণ দিয়াত পাকৈত নেতা হিচাপে পৰিগণিত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। খানাপাৰাত আজি অনুষ্ঠিত বিজেপিৰ বুথ সভাপতি আৰু কাৰ্যকৰ্তাসকলৰ সন্মিলনত ভাগ লৈ মন্ত্ৰীগৰাকীয়ে 'কা’ বিৰোধী আন্দোলনৰ সৈতে ঐতিহাসিক 'অসম আন্দোলন’ৰ তুলনা কৰিবলৈ গৈ দাঙি ধৰে ভুল আৰু একপ্ৰকাৰ উদ্ভট তথ্য।

মন্ত্ৰীগৰাকীয়ে আজিৰ ভাষণত অসম আন্দোলন সন্দৰ্ভত কৰা উক্ত মন্তব্যৰ ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। নিজৰ ভাষণত তেওঁ অসম আন্দোলনৰ সময়ৰ কথা সুঁৱৰি বৰ্তমানৰ 'কা’ বিৰোধী আন্দোলনে ৰাজ্যখনত ভয়াৱহ পৰিৱেশৰ সৃষ্টি কৰিছে বুলি দাবী কৰে। 

'অসম আন্দোলন আমি দেখিছো। অসম আন্দোলনৰ সময়তো বিবাহ যাত্ৰীক গাড়ীৰ পৰা নমাই আনি জয় আই অসম ক’বলৈ দিয়া হোৱা নাছিল। হিতেশ্বৰ শইকীয়াক আমি সমালোচনা কৰিছিলো। কিন্তু তেখেতৰ পিতৃ-মাতৃক গালি পৰাৰ সাহস আমি কৰা নাছিলো।’-সম্প্ৰতি সমগ্ৰ ৰাজ্যতে হৈ থকা 'কা’ বিৰোধী আন্দোলনক একপ্ৰকাৰ অসংস্কৃতিৱান আৰু অত্যাচাৰী লোকৰ আন্দোলন আখ্যা দি এইদৰে কয় মন্ত্ৰীগৰাকীয়ে। 

ইয়াৰ পিছতে স্বভাৱসূলভ আক্ৰমণাত্মক ভংগীমাৰে মন্ত্ৰীগৰাকীয়ে 'কা’ বিৰোধী প্ৰতিবাদকাৰীসকলক কেনেধৰণৰ আন্দোলন কৰিছে বুলি প্ৰশ্ন কৰি অসম আন্দোলনৰ ইতিহাস পঢ়িবলৈ আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে অসম আন্দোলনক বিশ্বৰ ভিতৰতে এক শক্তিশালী আন্দোলন আখ্যা দি কিয় সেই আন্দোলন শক্তিশালী আছিল তাৰো কাৰণ ব্যাখ্যা কৰে। 

মন্ত্ৰীগৰাকীয়ে কয় যে অসম আন্দোলন সম্পূৰ্ণৰূপে অহিংস আন্দোলন আছিল আৰু আন্দোলনকাৰীসকলে সকলো সময়তে সহিষ্ণুতাৰ পৰিচয় দিছিল যিটো নেকি 'কা’ বিৰোধী আন্দোলনকাৰীসকলৰ মাজত তেওঁ দেখিবলৈ পোৱা নাই। অসম আন্দোলনে মানুহক ভাল পাবলৈ শিকাইছিল বুলিও দাবী কৰে মন্ত্ৰীগৰাকীয়ে। 

'অসম আন্দোলন চান্দাৰ ওপৰত চলা নাছিল। অসম আন্দোলন মানুহৰ তেজৰ ওপৰত চলিছিল। অসম আন্দোলন শ্বহীদৰ আত্মাৰ ওপৰত চলিছিল।’-অসম আন্দোলন সন্দৰ্ভত এইখিনি কৈয়েই মন্ত্ৰীগৰাকীয়ে উক্ত আন্দোলনৰ আন এটা দিশ সম্পৰ্কে 'কা’ বিৰোধী বৰ্তমানৰ আন্দোলনকাৰীসকলক অৱগত কৰিবলৈ গৈ দাঙি ধৰে এক উদ্ভট আৰু কাহানিও নোহোৱা-নোপোজা তথ্য। 

মন্ত্ৰী হিমন্তই আজিৰ ভাষণত দাঙি ধৰা উক্ত তথ্য অনুযায়ী অসমৰ গুৱাহাটী মহানগৰীত ১৯৭৯ চনতে প্ৰচলন আছিল মোবাইল ফোনৰ। সেই মোবাইল ফোন ব্যৱহাৰ কৰিছিল ফাঁচী বজাৰৰ ব্যৱসায়ীসকলে। তীব্ৰতকৈয়ো তীব্ৰতৰ অসম আন্দোলনৰ সময়তো শেহতীয়াকৈ ইণ্টাৰনেট কৰ্তন কৰি দিয়াৰ দৰেকৈ তেতিয়া কৰ্তন কৰা হোৱা নাছিল ফাঁচী বজাৰৰ ব্যৱসায়ীসকলে ব্যৱহাৰ কৰা মোবাইল ফোনৰ নেটৱৰ্ক।

শুনিবলৈ আচহুৱা যেন লাগিলেও বৰ্তমানৰ প্ৰজন্মক অসম আন্দোলনৰ ইতিহাস সম্পৰ্কে ক’বলৈ গৈ খানাপাৰাত আজি অনুষ্ঠিত বিজেপিৰ বুথ সভাপতি আৰু কাৰ্যকৰ্তাসকলৰ সন্মিলনত এই দাবী কৰিছে ভাষণ প্ৰদানত সিদ্ধহস্ত হিচাপে পৰিচিত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। 'যেতিয়া আমি অসম আন্দোলন কৰিছিলো, ফাঁচী বজাৰৰ কোনো ব্যৱসায়ীয়ে মোবাইল বন্ধ কৰিবলগীয়া হোৱা নাছিল। দোকান বন্ধ কৰিবলগীয়া হোৱা নাছিল। অসম আন্দোলনৰ পৰা আন্দোলন শিকক। মই আজিৰ এই মঞ্চৰ পৰা তেওঁলোকক আহ্বান জনাইছো।’-ভাষণটোত এইদৰে স্পষ্টকৈ অসম আন্দোলনৰ সময়ত ফাঁচী বজাৰৰ ব্যৱসায়ীয়ে মোবাইল ফোন ব্যৱহাৰ কৰাৰ কথা উল্লেখ কৰে ড০ শৰ্মাই। 

এই সন্দৰ্ভত অসম আন্দোলন প্ৰত্যক্ষ কৰা ফাঁচী বজাৰৰ কেবাগৰাকী ব্যৱসায়ীৰ সৈতে যোগাযোগ কৰাত জনায় যে সেই সময়ত মোবাইল থকা বুলি ভবাটোৱেই গছত গৰু উঠাৰ দৰে কথা। লগতে অসম আন্দোলনৰ সময়ত দোকান বন্ধ কৰিবলগীয়া হৈছিল নে নাই বুলি প্ৰশ্ন কৰাত নাম প্ৰকাশত অনিচ্ছুক দুগৰাকী ব্যৱসায়ীয়ে তেতিয়াৰ ভয়াৱহ দিনবোৰৰ কথা সোঁৱৰণ কৰি ভাবুক হৈ পৰে। 'আমাৰ ব্যৱসায় একেবাৰে মণ্ডা হৈ গৈছিল। দোকান খোলাতো বেলেগেই কথা, ভয়তে আমি দোকান খালী কৰি দিছিলো।’-এইদৰে কয় অসম আন্দোলনৰ সময়ৰে পৰা ফাঁচীবজাৰত ব্যৱসায় চলাই থকা এগৰাকী ব্যৱসায়ীয়ে।

ইফালে মন্ত্ৰীগৰাকীয়ে অসম আন্দোলন শান্তিপূৰ্ণ আছিল বুলি কৰা দাবীকো খণ্ডন কৰিছে উক্ত আন্দোলন নিজ চকুৰে প্ৰত্যক্ষ কৰা অধিকাংশ লোকে। ছ’চিয়েল মিডিয়াত কেবাগৰাকী ইউজাৰে কিদৰে অসম আন্দোলনৰ সময়ত বাওপন্থী আৰু কংগ্ৰেছীসকলৰ ওপৰত আন্দোলনকাৰীসকলে অত্যাচাৰ চলাইছিল সেই কথা লিখা দেখা গৈছে। 'অসম আন্দোলন মুঠেই শান্তিপূৰ্ণ আৰু অহিংস আন্দোলন নাছিল। তেতিয়া আমাক কমিউনিষ্টসকলক যথেষ্ট অত্যাচাৰ কৰা হৈছিল। আমাক এঘৰীয়া কৰা হৈছিল। ড০ হীৰেন গোহাঁই ছাৰক যথেষ্ট নগুৰ-নাকতি কৰিছিল। কংগ্ৰেছীসকলকো আন্দোনকাৰীসকলে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল। হিমন্ত বিশ্ব শৰ্মাই অসম আন্দোলনৰ ইতিহাস আমাক শিকিবলৈ কোৱাৰ পূৰ্বে নিজেই ভালকৈ পঢ়ি চোৱা উচিত। ইতিহাস মন গ’লেই নতুনকৈ লিখিব নোৱাৰি। ইতিহাসে কাকো ক্ষমা নকৰে। তেওঁকো ক্ষমা নকৰিব।’-NNOৰ আগত এইদৰে কয় কেবাগৰাকী প্ৰবীণ বাওপন্থী নেতাই।

উল্লেখ্য যে যোৱা ২৫ ডিচেম্বৰত খানাপাৰাত আজি অনুষ্ঠিত সন্মিলনখনৰ বিষয়ে ক'বলৈ লওতেই জিভা পিছল খাইছিল মন্ত্ৰী হিমন্ত বিশ্বৰ। সেইদিনা নামনি অসমত অনুষ্ঠিত বিজেপিৰ এখন শান্তি সভাত ভাগ লৈ খানাপাৰাৰ সন্মিলনখনৰ কথা কোৱাৰ সময়তে বিজেপিৰ বুথ সভাপতিৰ সন্মিলনৰ পৰিৱৰ্তে ভুলকৈ বুথ কংগ্ৰেছৰ সভা বুলি কৈ পেলাইছিল ২০১৬ৰ পূৰ্বে একেৰাহে তিনিটা কাৰ্যকালৰ বাবে কংগ্ৰেছ চৰকাৰত মন্ত্ৰী হিচাপে থকা দল-বাগৰা নেতাগৰাকীয়ে।