গুৱাহাটীঃ আগন্তুক লোকসভা নিৰ্বাচনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ আনুষ্ঠানিক সিদ্ধান্ত গ্ৰহণ প্ৰব্ৰজন বিৰোধী মঞ্চৰ। 

প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকাই সংবাদমেল যোগে জনালে এই কথা। 

বহু প্ৰতিবাদ-আন্দোলন কৰা হ’ল, খিলঞ্জীয়াৰ সমস্যাক কিন্তু সমাধান নহ’ল বুলি মন্তব্য কৰে হাজৰিকায়ে।

তথা খিলঞ্জীয়াৰ সুৰক্ষা তথা অধিকাৰৰ প্ৰথম স্বাৰ্থ হিচাপে কাম কৰিবলৈ তেওঁলোক উদ্যোত বুলি কয়৷ এন আৰ চি পুনৰীক্ষণ, চৰকাৰী চাকৰি সংৰক্ষণ, কোনো ধৰণৰ নতুন প্ৰৱজনকাৰীক বোজা জাপি নিদিয়াৰ বিষয়ক লৈ প্ৰৱজন বিৰোধী মঞ্চত আলোচনা কৰা হয়৷