দিখৌমুখঃ আহোম ৰাজত্বকালৰ ছশ বছৰীয়া ইতিহাসৰ স্মৃতি বিজড়িত ঐতিহাসিক টাঙোনধোৱা পুখুৰী অস্তিত্বৰ সংকটত। গৌৰৱোজ্বল সোণালী ইতিহাসত আহোম সেনা আৰু মানৰ মাজত হোৱা যুদ্ধৰ সময়ত বদন বৰফুকনৰ নেতৃত্বত আহোম সেনাই যুদ্ধৰ সময়ত ব্যৱহাৰ কৰা টাঙোনবোৰ ধুবৰ কাৰণে এই পুখুৰীটো ব্যৱহাৰ কৰিছিল। যাৰ বাবে এই পুখুৰীৰ নাম টাঙোন ধোৱা পুখুৰী হ’ল।
শিৱসাগৰ জিলাৰ দিখৌমুখৰ পশ্চিম প্রান্তত অৱস্থিত এই পুখুৰীটো মেটেকা আৰু পিতনিৰে ভৰি পৰিছে। ঐতিহাসিক পুখুৰীটো বৰ্তমান অস্তিত্বৰ সংকটত। বিৰ্ভাগীয় কৰ্তৃপক্ষই সময় থাকোতেই যদি এই পুখুৰীটো সংৰক্ষণ নকৰে তেনেহলে নিঃশেষ হৈ যাব ইতিহাসৰ এক সোণালী পৃষ্ঠা।