সৰভোগঃ মুক্তিযুঁজাৰুৰ স্মৃতিত নিৰ্মাণ কৰা সৰভোগৰ ঐতিহাসিক গান্ধীভৱনৰ অৱস্থা তেনেই শোচনীয়া। আন্ত:গাঁথনি উন্নীত নকৰাৰ ফলত ক্ৰমান্বয়ে দুৰ্বল হৈ পৰিছে স্বাধীনতা আন্দোলনৰ স্মৃতি বিজড়িত ভৱনটো।
গান্ধীভৱন হৈছে দেশ মাতৃৰ অখণ্ডতা ৰক্ষাৰ নিমিত্তে হোৱা স্বাধীনতা আন্দোলনৰ এক সাক্ষ্য। স্বাধীনতা যুঁজত জপিয়াই পৰা ১৪১ গৰাকী মুক্তিযুঁজাৰুক স্বাধীন ভাৰতৰ চৰকাৰে বীৰ মুক্তি যোদ্ধাৰ স্বীকৃতি দিছিল। ব্ৰিটিছক কৰ নিদিও বুলি বিক্ষোভ কৰাৰ পিছত স্বাধীন ভাৰত চৰকাৰে উক্ত অঞ্চলৰ নিৰ্য্যাতিত ব্যক্তিৰ পাইকাৰী জৰিমনা ঘুৰাই দিছিল। সেই টকাৰেই সৰভোগ নগৰত স্থাপন কৰা হৈছিল গান্ধীভৱন।