newsnextoneমোৰাঝাৰ, ৮ অক্টোবৰঃ হোজাই জিলাৰ মোৰাঝাৰ গাইডেন্স জুনিয়ৰ কলেজত আজি মিলাড মেহফিল অনুষ্ঠিত হৈ যায় |পূৱা কিৰাত পাঠ, গজল, হজৰত মহাম্মদৰ জীৱনৰ ওপৰত বক্তৃতা প্ৰতিযোগিতা পতা হয়৷ দিনৰ এক বজাত কলেজৰ অধ্যক্ষ ছাদিকুজ জামানে আঁত ধৰা মুকলি আলোচনা চক্ৰত উদ্বোধনী ভাষণ আগবঢ়ায় কলেজৰ সঞ্চালক নুৰ আহমেদে, মুখ্য আলোচক হিচাপে ইছলামিক পণ্ডিত মৌলানা আব্দুল কৰিম উপস্থিত থাকি হজৰত মহাম্মদৰ জীৱনীৰ্ ওপৰত আলোকপাত কৰে৷ লগতে নিদিষ্ট বক্তা হিচাপে কলেজৰ ট্ৰাষ্টী ইয়াহহিয়া আহমেদ, মৌলানা চানুহৰ আলী, মৌলানা জিয়াউৰ ৰহমান,মশ্বুকুৰ ৰহমান উপস্থিত থাকি ভাষণ আগবঢ়ায় ৷ 

কলেজৰ উপাধ্যক্ষ ৰিজৱান আহমেদে বিজয়ী প্ৰতিযোগীক পুৰস্কাৰ প্ৰদান অনুষ্ঠান পৰিচালনা কৰি ছাত্ৰ ছাত্ৰীক উৎসাহিত কৰে৷ শেষত শেষ মোনাজাতেৰে এক উখল মাখল পৰিবেশৰ মাজেৰে পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা মিলাড মেহফিলৰ সফল অন্ত পৰে৷

ছাদিকুজ জামান মোৰাঝাৰ