ডিজিটেল ডেস্কঃ দেশৰ বিভিন্ন প্ৰান্তত পবিত্ৰ হোলী উৎসৱ পালন কৰে দেশৰ জনসাধৰণে৷ দেশৰ নাগৰিক কোনেও পিছপৰি থকা নাই৷ আনন্দ-উলাহত মতলীয়া হৈ পৰে দেশৰ প্ৰতিগৰাকী নাগৰিক৷ দেশৰ বিভিন্ন প্ৰান্ত জনসমুদ্ৰত পৰিণত হয়৷
ডেকা, বুঢ়া, সকলোৱে দৌল উৎসৱত অংশ লয়৷ আনহাতে দেশৰ ৰজা সকলে তথা শাসন কৰ্তাসকলেও পিছ পৰা থকা নাই৷ কেন্দ্ৰীয় মন্ত্ৰী, ৰাষ্ট্ৰীয় নেতা, ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলেও পিছ পৰি থকা নাই৷ প্ৰায় সংখ্যক কেন্দ্ৰীয় মন্ত্ৰীয়ে দিল্লীত হোলী উৎসৱ পালন কৰে৷ বিহাৰ, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ আদি ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে ৰঙত মতলীয় হৈ পৰে৷