64
লংকাঃ নাগালেণ্ডৰ বিদ্ৰোহী সংগঠন এনএছচিএন (আইএম) য়ে এতিয়া ধনসংগ্ৰহৰ বাবে আশ্ৰয় লৈছে হানি ট্ৰেপিঙৰ। বিদ্ৰোহী সংগঠনটোৰ কবলৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰা এজন লোকৰ পৰা এই বিষয়ে জানিব পৰা গৈছে।
জানিব পৰা মতে ৫ জুনত লামডিঙৰ নখুতিৰ মহিবোৰ ৰহমান আৰু জিয়াবুৰ ৰহমান নামৰ দুজন লোকক সংগঠনটোৱে ডিমাপুৰৰ পৰা অপহৰণ কৰিছিল৷ মুক্তিপন হিচাপে বিছাৰিছিল ৫০ লাখ টকা৷