ডিজিটেল ডেক্সঃমধুমেহ বা ডায়বেযিছ ৰোগ ২০৩০ চনলৈ বিশ্বৰ আটাইতকৈ মাৰাত্মক ৰোগ হৈ উঠিব।এই ৰোগ শৰীৰৰ বিপাক প্ৰক্ৰিয়াৰ বিসঙ্গতি হ’লে এই ৰোগ হয়।বৰ্তমান বিশ্বৰ প্ৰায় ৪২ কোটি ৫০ লাখ মানুহ এই ভয়ঙ্কৰ ৰোগত আক্ৰান্ত।ইয়াৰ ভিতৰত প্ৰায় ৭ কোটি ২৯ লাখ ৰোগী ভাৰতত পোৱা গৈছে।সময় মতে সঠিক চিকিৎসা নকৰিলে এই ৰোগৰ ফলত ৰোগীৰ শৰীৰৰ ওজন বৃদ্ধি,কিডনি বিকল আৰু হৃদযন্ত্ৰৰ বেমাৰ হ’ব পাৰে৷

চিকিৎসকৰ মতে এই ৰোগৰ ৰোগীয়ে যথেষ্ঠ পৰিমানে ফাইবাৰ বা আঁহ যুক্ত খাদ্য খোৱা উচিত৷ইতিমধ্যে গৱেষক সকলে বিভিন্ন গৱেষণাৰ পৰা দেখা পাইছে যে পিঁয়াজত থকা  ফ্লাভনয়েড বিলাকে শৰীৰত তেজৰ শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰনত সহায় কৰি শৰীৰৰ বেমাৰৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷

আমেৰিকা নিবাসী ভাৰতীয় বায়’কেমিষ্ট ভাৰত বি আগৰৱালে তেখেতৰ গ্ৰন্থ ‘‘হিলিং স্পাইছেছ’’ত লিখিছে যে,জন্তুৰ ওপৰত পৰীক্ষা কৰি দেখা গৈছে যে টাইপ ২ ডাইবেটিচৰ ক্ষেত্ৰত পিঁয়াজে অতি দৰকাৰী ভূমিকা পালন কৰে৷পিঁয়াজে যে শৰীৰৰ ৰক্তৰ শৰ্কৰা নিয়ন্ত্ৰনত কৰিব পাৰে সেই কথা মেডিচিনেল ফূড জাৰ্নেলটো প্ৰকাশ পাইছে৷

পিঁয়াজ কিয় ডায়বেটিছ মেনেজমেণ্টৰ কাৰনে ভালঃ 

১) ফাইবাৰেৰে পৰিপুৰ্ণঃ
বিশেষকৈ ৰঙা পিঁয়াজত ফাইবাৰ বা আঁহৰ পৰিমান অতি বেছি৷ফাইবাৰ বা আঁহ জাতীয় খাদ্য হজম হওঁতে অধিক সময়ৰ দৰকাৰ হয় ফলত তেজৰ লগত শৰ্কৰা দ্ৰুত গতিত মিহলি নহয়৷ই ডায়বেটিছ ৰোগীৰ তেজত অধিক শৰ্কৰা মিহলি হ’বলৈ নিদিয়ে৷

২)কম কার্ব’হাইড্রেটঃ
পিঁয়াজত কাৰ্ব’হাইড্ৰেটৰ মাত্ৰা অতি কম পৰিমানে থাকে৷১০০ গ্ৰাম পিঁয়াজত মাত্ৰ ৮ গ্ৰাম শৰ্কৰা থাকে৷অধিক মাত্ৰাত কাৰ্ব’হাইড্ৰেট থকা খাদ্য খালে খাদ্যবোৰ অতি দ্ৰুত গতিত হজম হয় সেইকাৰনে ডায়বেটিছৰ ৰোগীক কম কাৰ্ব’হাইড্ৰেট থকা খাদ্য খাবলৈ পৰামৰ্শ দিয়া হয়৷পিঁয়াজত কমকৈ কেল’ৰি থাকে ই শৰীৰৰ ওজন হ্ৰাস কৰাটো সহায় কৰে৷  

৩)পিঁয়াজৰ গ্লাইচেমিক ইনডেক্স কমঃ
পিঁয়াজৰ গ্লাইচেমিক ইনডেক্স কম হোৱাৰ কাৰনে এনেকুৱা খাদ্য খাদ্যৰ তালিকাত ৰখা বাবে গুৰুত্ব আৰোপ কৰা হয়৷কেঁচা পিঁয়াজৰ গ্লাইচেমিক ইনডেক্স ১০কাৰনে ইয়াক জি আই ফুড হিচাৱে ধৰা হয়৷ 

পিঁয়াজক আপোনাৰ খাদ্যৰ তালিকাত কি ধৰনে ৰাখিব?
ভাত,ৰুটী,চুপ,চেণ্ডুইজ আদি যি খাদ্যই নহওক সেইবোৰৰ লগত পিঁয়াজ খাবলৈ আৰম্ভ কৰক৷এনেকুৱা কৰিলে টাইপ ১ আৰু টাইপ ২ ডাইবেটিছ নিয়ন্ত্ৰন হয়৷কিন্তু লগাতকৈ বেছিকৈ নাখাব৷সকলো খাদ্যতেই আমি ভাৰাসাম্য থকা দৰকাৰ৷

বিঃদ্ৰঃ এইটো লিখা কেৱল গৱেষক সকলে পোৱা তধ্যৰ ওপৰত ভিত্তি কৰি লিখা হৈছে৷এইয়া কোনো চিকিৎসকৰ পৰামৰ্শ নহয়৷সদায় অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শলৈহে খাদ্য অথবা ঔষধ গ্ৰহন কৰিব৷তথ্যৰ ভুল-ভ্ৰান্তিৰ বাবে নিউজ নেক্সট ৱান দায়ী নহয়৷