ঢেকীয়াজুলিঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে পঞ্চম স্থান দখলৰে ঢেকীয়াজুলিৰ লগতে সমগ্ৰ শোণিতপুৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে ঋত্বিক সূতাৰে। ঢেকীয়াজুলিৰ অতি ভিতৰুৱা অঞ্চল শিঙৰীত অৱস্থিত পল’ষ্টাৰ একাডেমীৰ ছাত্ৰ ঋত্বিক।
সৰ্বমুঠ ৫৮৫ নম্বৰ লাভ কৰি ইংৰাজী মাধ্যমৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনৰ পৰা স্থান লাভ কৰিবলৈ সমৰ্থ হয় ঋত্বিকে। অঞ্চলটোৰ নিবাসী ৰোহিনী সূতাৰ আৰু টিকা ছেত্ৰীৰ পুত্ৰ ঋতিকৰ এই সফলতাত উৎফুল্লিত হৈ পৰিছে সমগ্ৰ ঢেকীয়াজুলিবাসী।