newsnextone.com | খাৰুপেটীয়াঃ শিক্ষাৰ পোহৰ অবিহনে এখন সমাজ আগবাঢ়িব নোৱাৰে৷ শিক্ষা এটা জাতিৰ উন্নয়নৰ দিশ, ভাবধাৰা নিৰ্ণয় কৰে৷ শিক্ষাই সমাজৰ পূৰ্ণ বিকাশ ঘটায়৷ সাধাৰণ কথাত কবলৈ গ’লে জ্ঞান আৰু দক্ষতা অৰ্জন কৰাটোৱেই হৈছে শিক্ষা৷ শিক্ষাৰ গুৰুত্ব বুজি পাওতে বিশ্বৰ প্ৰায় সংখ্যাক দেশকে কিছু সময় লাগিছিল৷ শেহতীয়াকৈ দেখা গৈছে শিক্ষা এক বিপ্লৱত পৰিণত হৈছে৷ দেশ তথা প্ৰতিখন সমাজে শিক্ষাক গুৰুত্ব সহকাৰে লৈ আগবাঢ়িছে৷ সন্তানৰ ভৱিষ্যতৰ স্বাৰ্থত উচিত শিক্ষা দি সন্তানক জ্ঞান দিয়াৰ লগতে দক্ষ কৰাৰ বাবে অভিভাৱকে উঠি পৰি লাগিছে৷
