56
কলিয়াবৰঃ কলিয়াবৰৰ চুলুং পুৰণা বজাৰ-সাৰ্বজনীন দুৰ্গামন্দিৰ প্ৰাঙ্গনত আজি পুৱা চাৰিমান বজাত বনৰীয়া হাতীৰ গচকত কৰুন মৃৰ্ত্যুক সাৱতিলে মন্দিৰটোৰ পুৰোহিত গৰাকীয়ে। মৃত পুৰোহিত গৰাকীৰ নাম দিল বাহাদুৰ চেত্ৰী ।
পুৱা পুৰোহিত গৰাকীয়ে মন্দিৰৰ চোতাল সাৰি থাকোতে অতৰ্কিতে পাছফালৰ পৰা এটা প্ৰকাণ্ড হাতীয়ে আক্ৰমণ কৰে আৰু থিটাতে মৃত্যুক সাৱটি লয় পূজাৰী জনে । পুৰোহিত গৰাকীৰ মৃৰ্ত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে।