শিৱসাগৰঃ আহোম জাতীয় গণ মঞ্চৰ কেন্দ্ৰীয় সভাপতি মহেন্দ্ৰ দিহিঙীয়া গুৰুতৰ ভাৱে অসুস্থ। মঙলবাৰৰ পৰা শিৱসাগৰৰ ৰংঘৰৰ সন্মুখত জিলাখনৰ কীৰ্তিচিহ্নসমূহ সংৰক্ষণ কৰাৰ দাবীত এশ ঘন্টীয়া অনশন কাৰ্যসূচী চলি থকাৰ সময়তে আজি দুপৰীয়া অনশনস্থলীতে নেতাগৰাকীয়ে অসুস্থ হৈ পৰে।
সংগঠনটোৰ শিৱাসাগৰ জিলাৰ উদ্যোগত অনুষ্ঠিত অনশণ কাৰ্যসুচীত আহোম নেতাগৰাকীয়ে অসুস্থ হৈ পৰাত ততাতৈয়াকে তেওৰ সতীৰ্থই চিকিৎসালয়ত ভৰ্ত্তী কৰায়। নেতাগৰাকীৰ স্বাস্থ্যৰ অৱনতি হোৱা বুলি জানিব পৰা গৈছে। অনশনৰ ৬০ ঘন্টা পাৰ হোৱাৰ পাঁচতো চৰকাৰৰ কোনো লোক খৱৰ নোলোৱাত জিলাখনৰ লোকসকলে চিন্তা ব্যক্ত কৰে।