মোৰাজাৰঃ বিয়া পাতি কেৰেলাত ৮ মাহ কটাই আহি নিজ ঘৰত উপস্থিত হোৱাৰ আগেয়ে যুৱক যুৱতীক মাকৰ ঘৰত গতোৱাক লৈ দুৰ্বাদল কাজিয়া শেষত গৈ আৰক্ষী থানাতহে অন্ত পৰে।
ঘটনাৰ বিৱৰণি মতে, আজিৰ পৰা প্ৰায় ৮ মাহ আগতে মোৰাজাৰ থানা এলেকাৰ বুৰুংগাতলিৰ আব্দুল মালিকৰ পুত্ৰ ওৱাছিম মালিক (২০) য়ে নগাঁওৰ আমোলাপট্টিৰ আফজল আলিৰ কন্যা মৌচুমী আখতাৰক (২২) প্ৰেমৰ চলনাৰে বিয়া কৰোৱাৰ প্ৰলোভন দি কেৰেলালৈ লৈ যায়৷ নীলবাগান আৰক্ষীৰ পৰা পোৱা তথ্য মতে যুৱক-যুৱতী দুয়োজন কেৰেলাত একেলগে প্ৰায় আঠ মাহ অতিবাহিত কৰে।