newsnextone.com। কাজিৰঙাঃ  আবকাৰী বিভাগ আৰু আৰক্ষীৰ সন্মুখতেই কাজিৰঙাৰ হৃদপিণ্ড কহঁৰা চাৰিআলিৰ নিচেই কাষতেই অবৈধ সুৰাৰ ৰমৰমীয়া ব্যৱসায় ৷ কাজিৰঙাখনক সুৰা মুক্ত কৰাত চূড়ান্তভাৱে ব্যৰ্থ হৈছে কহঁৰা আৰক্ষী আৰু আবকাৰী বিভাগ ৷

উল্লেখ্য যে, বছৰ-বছৰ ধৰি কাজিৰঙাৰ কহঁৰাস্থিত এখন দোকানত এই অবৈধ সুৰাৰ ব্যৱসায় চলি আহিছিল৷ অভিযোগ অনুসৰি, এই অবৈধ সুৰাৰ ব্যৱসায়ৰ বিৰুদ্ধে ৰহস্যজনক ভাৱে কোনো পদক্ষেপ গ্ৰহণ কৰা নাছিল দোকানখনৰ পৰা মাত্ৰ ২ শ মিটাৰ দূৰৈত থকা কহঁৰা আৰক্ষী আৰু আবকাৰী বিভাগে।

মোটা অংকৰ ধনৰ লেনদেনৰ বাবেই দোকানখনত চলি অহা অবৈধ সুৰাৰ বিৰুদ্ধে কোনো পদক্ষেপ গ্ৰহণ কৰা নাছিল আৰক্ষীয়ে। অৱশেষত সোমবাৰে নিশা উক্ত দোকানখনত অভিযান চলালে কাজিৰঙা আঞ্চলিক ছাত্ৰ সন্থাই।

দোকানখনৰ ভিতৰৰ পৰা শ-শ অবৈধ বিদেশী সুৰাৰ বটল জব্দ কৰে আছুয়ে ৷ সাংবাদিকক দেখি পলায়ন কৰে বিগত বছৰ-বছৰ ধৰি অবৈধভাৱে ব্যৱসায় কৰি অহা দোকানখনৰ স্বত্বাধিকাৰজন। ইয়াৰ পিছতে আছুৰ কৰ্মী সকলে শ-শ অবৈধ সুৰা সমূহ দোকানখনৰ সন্মুখলৈ আনি ভাঙি চূৰমাৰ কৰে ৷