newsnextone.com। কাজিৰঙাঃ আবকাৰী বিভাগ আৰু আৰক্ষীৰ সন্মুখতেই কাজিৰঙাৰ হৃদপিণ্ড কহঁৰা চাৰিআলিৰ নিচেই কাষতেই অবৈধ সুৰাৰ ৰমৰমীয়া ব্যৱসায় ৷ কাজিৰঙাখনক সুৰা মুক্ত কৰাত চূড়ান্তভাৱে ব্যৰ্থ হৈছে কহঁৰা আৰক্ষী আৰু আবকাৰী বিভাগ ৷
উল্লেখ্য যে, বছৰ-বছৰ ধৰি কাজিৰঙাৰ কহঁৰাস্থিত এখন দোকানত এই অবৈধ সুৰাৰ ব্যৱসায় চলি আহিছিল৷ অভিযোগ অনুসৰি, এই অবৈধ সুৰাৰ ব্যৱসায়ৰ বিৰুদ্ধে ৰহস্যজনক ভাৱে কোনো পদক্ষেপ গ্ৰহণ কৰা নাছিল দোকানখনৰ পৰা মাত্ৰ ২ শ মিটাৰ দূৰৈত থকা কহঁৰা আৰক্ষী আৰু আবকাৰী বিভাগে।