newsnextone.com | বিশ্বনাথ চাৰিআলিঃ সমগ্ৰ দেশৰ লগতে বিশ্বনাথৰ বিহালীৰ বিভিন্ন প্ৰান্তত ৭২ তম স্বাধীনতা দিৱস উদযাপন কৰা হয়। বিহালী সমষ্টিৰ বাঘমৰা উন্নয়ন খণ্ড, জিনজিয়া আৰক্ষী থানা, বিহালী সমষ্টি যুৱ কংগ্ৰেছ, বাঘমৰা ব্লক কংগ্ৰেছৰ উদ্যোগত স্বাধীনতা দিৱস উদযাপন কৰা হয়।
বিহালী সমষ্টি যুৱ কংগ্ৰেছৰ উদ্যোগত মোনাবাৰী চাহ বাগিছাৰ লাহৰিজানত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক প্ৰেমলাল গঞ্জুৰ উপস্থিতিতিত সমষ্টি যুৱ কংগ্ৰেছৰ সভাপতি দ্বীপজ্যোতি বৰাই পতাকা উত্তোলন কৰে।