ফটোঃ ইণ্টাৰনেটৰপৰা সংগৃহীত
ফটোঃ ইণ্টাৰনেটৰপৰা সংগৃহীত

ডিজেটেল ডেস্কঃ বিশ্বৰ ভিতৰতে ডপিঙত ভাৰতীয় খেলুৱৈ তৃতীয়৷ খেলত অসৎ উপায় অৱলম্বন কৰাত বিশ্বৰ ভিতৰতে ভাৰত তৃতীয় স্থানত৷ ৱৰ্ল্ড এন্টি ডপিং এজেন্সীয়ে কৰা সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য৷ ২০১৫ ত দেশখনৰ ১১৭ জন খেলুৱৈ ডপিং পৰীক্ষাত ধৰা পৰিছে।

এই ঘটনাক উদ্বেগজনক বুলি মন্তব্য কৰিছে পাঁচবাৰকৈ বিশ্ব চেম্পিয়নৰ খিতাপ দখল কৰা ভাৰতীয় বক্সাৰ মেৰী ক’মে৷ 'এই কথাটো খুবেই হতাশাজনক’- খেলুৱৈগৰাকীয়ে দুখ কৰি আজি এই প্ৰসংগত কয়৷ তেওঁ চৰকাৰ আৰু ভাৰতীয় ক্ৰীড়া প্ৰাধীকৰণক এনে ধৰণৰ ঘটনাসমুহ ৰোধ কৰাৰ বাবে যথোচিত পদক্ষেপ ল’বলৈ আহ্বান জনায়৷

উৰ্জা চিএপিএফৰ ১৯ বছৰৰ এখন ফুটবল মেচ মুকলি কৰিবলৈ গৈ সাংবাদিকৰ সন্মুখত এনেদৰে উদ্গিনতা প্ৰকাশ কৰে মেৰি ক’মে৷ তদুপৰি লণ্ডন অলিম্পিকৰ পদক বিজেতাগৰাকীয়ে সদ্যহতে বক্সিঙৰ পৰা অৱসৰ লোৱাৰ কোনো পৰিকল্পনা নাই বুলি উল্লেখ কৰে৷