কাজিৰঙাঃ অসমৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে জাপানৰ জাইকা নামৰ সংগঠনে যথেষ্ট সহযোগিতা আগবঢ়াইছে। পৰৱৰ্তী সময়তো জাপানৰ পৰা সহযোগিতা লাভ কৰাৰ আশা কৰিছে অসম চৰকাৰে। বুধবাৰে কাজিৰঙাত জাইকা নামৰ জাপানৰ এটা প্ৰতিষ্ঠানৰে সৈতে হোৱা এক বৈঠকত উপস্থিত হৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে কয় সংবাদ মাধ্যমৰ আগত।
উল্লেখ্য যে ইণ্ডিয়া ফাউণ্ডেচন নামৰ সংগঠনটোৰ উদ্যোগত কাজিৰঙাৰ “আয়ৰা” ৰিজ’ৰ্টত জাপানৰ জাইকা নামৰ প্ৰতিষ্ঠানটোৰ এক বৈঠক অনুষ্ঠিত হয়। বৈঠকত দুয়োটা সংগঠনৰ বিষয়-ববীয়া, বিভিন্ন প্ৰশাসনীয় তথা বিভিন্ন বিভাগৰ মুৰব্বী উপস্থিত থকাৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্ত উপস্থিত থাকে।