ডিজিটেল ডেস্কঃ সমগ্ৰ দেশতে ক্ৰমাত জনপ্ৰিয় হৈ পৰিছে ছ’চিয়েল মিডিয়া৷ যদিও পাশ্চাত্যৰ দেশসমূহতকৈ বহু পিছত দেশত আৰম্ভ হৈছিল ফেচবুক। কিন্তু শেহতীয়াকৈ ইউজাৰ্চৰ ক্ষেত্ৰত সকলো দেশকে চেৰ পেলালে ভাৰতে৷

১৩ জুনত ফেচবুকে প্ৰকাশ কৰিছে এই তথ্য৷ সমগ্ৰ ভাৰতত ২৪১ মিলিয়ন লোকে ব্যৱহাৰ কৰে ফেচবুক৷ এই ক্ষেত্ৰত আমেৰিকাত ব্যৱহাৰকাৰীৰ সংখ্যা হৈছে ২৪০ মিলিয়ন৷

এই তালিকাত তৃতীয় স্থানত আছে ব্ৰাজিল৷ বিগত ৬ মাহত ভাৰতত সক্ৰিয় ইউজাৰ্চৰ সংখ্যা বৃদ্ধি হৈছে ২৭%৷ আনহাতে আমেৰিকাত এই হাৰ ১২%৷