মাজুলী/যোৰহাটঃ পৰিৱৰ্তন আনি দিব বুলি কৈ সময়ত একো কৰিব নোৱৰাত এফালৰ পৰা ক্ষুব্ধ হৈ পৰিছে ৰাজ্যৰ জনতা। বিশেষকৈ বানত জ্বলা-কলা খোৱা সৰ্বসাধাৰণ ৰাইজক সাহায্য তথা অন্যান্য যাৱতী সা-সুবিধ প্ৰদানত চৰকাৰ সমূলি ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপিত হৈছে। এনে অভিযোগৰ মাজতে শুকুৰবাৰে মাজুলীত বানাক্ৰান্তৰ ৰোষত পৰে জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত।
প্ৰাপ্ত বাতৰি মতে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টি মাজুলীত দুদিনীয়া ভ্ৰমণসূচীৰে বানাক্ৰান্তৰ বুজ ল’বলৈ বুলি আজি দিনৰ ভাগত পদাৰ্পণ কৰে জলসম্পদ মন্ত্ৰীগৰাকীয়ে। তেওঁক সংগ দিয়ে টিংখাঙৰ বিধায়ক বিমল বৰা আৰু নৱগঠিত জিলাখনৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই।