মুম্বাই/পাটনাঃ জনতা কাৰ্ফিউৰ দিনটোতে কৰ’না ভাইৰাছে প্ৰাণ কাঢ়িলে দুজন ভাৰতীয়ৰ। মৃত্যু হোৱা দুজনৰ এজন মহাৰাষ্ট্ৰৰ মুম্বাইৰ আৰু আনজন বিহাৰৰ বুলি জানিবলৈ দিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে। ইয়াৰ লগে লগে ভাৰতত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৬জনলৈ বৃদ্ধি পালে। একাংশ সংবাদ মাধ্যমে শুকুৰবাৰৰ দিনটোতেই কৰ’নাত পঞ্চমজন ভাৰতীয়ৰ মৃত্যু হৈছিল বুলি বাতৰি প্ৰকাশ কৰিছিল যদিও পৰৱৰ্তী সময়ত সেয়া অসত্য বুলি সদৰী কৰি লোকজনৰ হৃদৰোগত হে মৃত্যু হোৱাৰ কথা জনাইছিল চৰকাৰী সূত্ৰই।

বিহাৰত কৰ’না পজিটিভৰ দুটাকৈ ঘটনা

দেওবাৰৰ দিনটোত বিহাৰত কৰ’নাত আক্ৰান্ত হৈ ৩৮ বৰ্ষীয় এজন লোক মৃত্যুমুখত পৰাৰ খবৰ পোহৰলৈ আহে। মুংগেৰ অঞ্চলৰ লোকজনে কিছুদিন পূৰ্বে কাটাৰৰ পৰা দেশলৈ উভতিছিল আৰু পাটনাস্থিত এইমছত চিকিৎসাধীন হৈ আছিল। বিহাৰ চৰকাৰৰ স্বাস্থ্য সচিব সঞ্জয় কুমাৰে জনোৱা মতে মৃত্যুৰ পিছতহে লোকজন কৰ’না ভাইৰাছত আক্ৰান্ত আছিল বুলি জানিব পৰা হয়। 'লোকজনৰ শানিবাৰে নিশাই মৃত্যু হৈছিল। কিন্তু তেতিয়ালৈ কৰ’না টেষ্টৰ ৰিজাল্ট পোৱা হোৱা নাছিল। আজি ৰিপ’ৰ্ট আহোতে দেখা গৈছে যে লোকজন কৰ’নাত আক্ৰান্ত আছিল।’- স্বাস্থ্য সচিবগৰাকীয়ে কয়।

কৰ’না ভাইৰাছ ধৰা পৰা এইটোৱেই হৈছে বিহাৰৰ প্ৰথমটো ঘটনা। ইয়াৰ পিছতে ৰাজ্যখনত স্কটলেণ্ডৰ পৰা অহা আন এজন লোকৰ দেহত কৰ’না পজিটিভ পোৱাতো নিশ্চিত কৰিছে স্বাস্থ্য বিভাগে। আজি বিহাৰত মৃত্যুমুখত পৰা এই লোকজনেই মাৰাত্মক ভাইৰাছবিধত আক্ৰান্ত হৈ মৃত্যুমুখত পৰা আটাইতকৈ কম বয়সৰ লোক বুলি ধাৰণা কৰা হৈছে। ইতিমধ্যে বিহাৰ চৰকাৰৰ তৰফৰ পৰা সমগ্ৰ ৰাজ্যখনতে গ্ৰহণ কৰা বিশেষ সতৰ্কতামূলক পদক্ষেপ।

মহাৰাষ্ট্ৰত দ্বিতীয়জনৰ মৃত্যু

কৰ’নাত আক্ৰান্ত হৈ দেওবাৰে মহাৰাষ্ট্ৰত ৭৪ বৰ্ষীয় এজন লোকৰ মৃত্যু হোৱাৰ লগে লগে ৰাজ্যখনত এই ভাইৰাছৰ চিকাৰ হোৱা লোকৰ সংখ্যা দুজনলৈ বৃদ্ধি পালে। আজি মৃত্যু হোৱা লোকজনৰ বয়স ৬৩ বছৰ আছিল বুলি জনাইছে মুম্বাই পৌৰ নিগমে। মুম্বাই পৌৰ নিগমৰ (বৃহমুম্বাই মিউনিচিপাল কৰপ’ৰেশ্যন)ৰ তৰফৰ পৰা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত কোৱা হৈছে যে কৰ’না আক্ৰান্ত লোকজন কৰ’না ভাৰাছৰ দ্বাৰা সংক্ৰিমত হোৱাৰ পিছতে ডায়েৰীয়া, উচ্চ ৰক্তচাপ আৰু হৃদৰোগে জটিল ৰূপ ধাৰণ কৰিছিল।

উল্লেখ্য যে সমগ্ৰ দেশৰ ভিতৰতে মহাৰাষ্ট্ৰতে সৰ্বাধিক ৭৪ জন লোক এই ৰোগত আক্ৰান্ত হৈছে। যোৱা ২৪ ঘণ্টাত ৰাজ্যখনত নতুনকৈ আৰু ১০ জন লোকৰ দেহত পজিটিভ পোৱা গৈছে। ইয়াৰে ৬জন মুম্বাইত আৰু ৪জন পুণেত চিকিৎসাধীন হৈ আছে।

ভাৰতত ৩৪১জন লোক আক্ৰান্ত

মাৰাত্মক ভাইৰাছবিধ এতিয়ালৈকে মহাৰাষ্ট্ৰ আৰু বিহাৰৰ লগতে দিল্লী, পঞ্জাৱ আৰু কৰ্ণাটকত এজনকৈ লোকৰ মৃত্যু ঘটাৰ বাতৰি পোৱা গৈছে। 
দেওবাৰে ইণ্ডিয়ান মেডিকেল ৰিচাৰ্ছ এছ’চিয়েশ্যনে সদৰী কৰা তথ্য মতে সমগ্ৰ দেশত আজিৰ দিনটোত দিনৰ ১ বজা পৰ্যন্ত কৰ’না ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা হৈছে ৩৪১জন। ইতিমধ্যে এই ৰোগত আক্ৰান্ত হৈ সমগ্ৰ বিশ্বতে প্ৰাণ হেৰুৱাইছে ১৩ হাজাৰৰো অধিক লোকে, আক্ৰান্ত হৈছে অতি কমেও ৩ লাখ। এনে পৰিপ্ৰেক্ষিতত ইয়াক এটা পৰ্যায়লৈ বাধা দিব পৰাকৈ আজিৰ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান মৰ্মে সমগ্ৰ দেশে পালন কৰিছে জনতা কাৰ্ফিউ।