কলম্বোঃ চলিত বৰ্ষৰ মহিলা বিশ্বকাপ ক্ৰিকেটৰ কোৱালিফায়াৰত আজি দক্ষিণ আফ্ৰিকাক ৪৭ ৰানত পৰাস্ত কৰি বিজয় যাত্ৰা অব্যাহত ৰাখে টীম ইণ্ডিয়াই। ভাৰতৰ অধিনায়ক মিতালী ৰাজ আৰু মোনা মেশৰামৰ অৰ্ধশতক তথা শিখা পাণ্ডে আৰু একতা বিষ্টৰ আকৰ্ষণীয় বলিঙেৰে জয়ৰ মুকুট পিন্ধিবলৈ সক্ষম হয় ভাৰতীয় দলটো।
দক্ষিণ আফ্ৰিকাই টচত জয়ী হয় যদিও প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। ইফালে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ৫০ অভাৰত ৮ উইকেটৰ বিনিময়ত ২০৫ ৰান সংগ্ৰহ কৰে ভাৰতে। ২০৬ৰ লক্ষ্য লৈ দক্ষিণ আফ্ৰিকাই ময়দানত প্ৰৱেশ কৰে, কিন্তু দুৰ্দান্ত ভাৰতীয় বলিঙৰ আগত ৪৬.৪ অভাৰত ১৫৬ ৰানতে ইনিংছ সামৰিবলৈ বাধ্য হয়।