গুৱাহাটীঃ সমাজ কল্যাণ ভৱনৰ সন্মুখত আজি দিনৰ ১০ বজাত প্ৰতিবাদত সাব্যস্ত কৰে শতাধিক অংগনৱাড়ী কৰ্মীয়ে l ৰাজ্যৰ মুঠ ১ লাখ ১৭ হাজাৰ অংগনৱাড়ী কৰ্মী আৰু সহায়িকাৰ মাহিলী মাননি ক্ৰমে ৫০০০ আৰু ৩০০০ টকালৈ বৃদ্ধি কৰাৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী হাতত লয় অংগনৱাড়ী কৰ্মীসকলে।
মুঠ ৫ খন জিলাৰ পৰা অহা শতাধিক কৰ্মীয়ে হাতত প্লে-কাৰ্ড লৈ বিভিন্ন শ্লোগান দি তেওঁলোকৰ দাবী মানি ল’বলৈ চৰকাৰৰ ওচৰত অনুৰোধ জনোৱাৰ লগতে অহা ১৮ ফেব্ৰুৱাৰী পৰ্যন্ত এই প্ৰতিবাদ অব্যাহত থাকিব বুলি সংবাদ মাধ্যমৰ আগত অৱগত কৰে l