Shutterstock
Shutterstock

ডিজিটেল ডেক্সঃ ভাৰতত যেনেকৈ মোবাইল ব্যৱহাৰকাৰীৰ সংখ্যা দিনে দিনে বৃদ্ধি পাইছে, হেণ্ডছেট উৎপাদনতো দেশখন দোপদ দোপে আগবাঢ়ি গৈছে। এতিয়া ভাৰত মোবাইল হেণ্ডছেত নিৰ্মাণত বিশ্বৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়। ভাৰতৰ আগত অৱস্থান কৰিছে চীনে। 

ইণ্ডিয়ান চেলুলাৰ এছ’চিয়েচনৰ পৰিসংখ্যাত দেখা গৈছে, এই উদ্যোগৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতিৰ ইতিবৃত্ত। ইয়াৰ পূৰ্বে মোবাইল হেণ্ডছেট নিৰ্মাণকাৰী দ্বিতীয় বৃহৎ দেশ আছিল ভিয়াটনাম।

ভাৰত দ্বিতীয় স্থানলৈ উন্নীত হোৱাৰ কথা আনুষ্ঠানিকভাৱে স্বীকাৰ কৰিছে বজাৰ বিশ্লেষণকাৰী সংস্থা ক্ৰমে চীনৰ নেচনেল ব্যুৰো অৱ ষ্টেটিছটিকছ আৰু ভিয়েটনাম জেনেৰেল ষ্টেটিছটিকছে।

ইণ্ডিয়ান চেলুলাৰ এছ’চিয়েচনৰ পৰিসংখ্যাত কোৱা হয় যে ২০১৪ চনত ভাৰতে ৩ মিলিয়ন, অৰ্থাৎ ৩০ লাখ মোবাইল হেণ্ডছেট উৎপাদন কৰিছিল আৰু ২০১৭ চনত এই সংখ্যা বাঢ়ি গৈ হয়গৈ ১ কোটি ১০ লাখ।

দেশত হেণ্ডছেট উৎপাদনৰ বৃদ্ধিৰ ফলত ভাৰতে হেণ্ডছেটৰ আমদানি পূৰ্বৰ বছৰৰ তুলনাত ৫০ শতাংশ কমাবলৈ সক্ষম হয়।