102
ধুবুৰীঃ কেৱল ধুবুৰীয়ে নহয়, সমগ্র অসমতে অভিনৱ কৌশলেৰে চলিছে থলুৱা মাছৰ নিধন যজ্ঞ। মৎস্য আইনক ভেঙুচালি কৰি এচাম লোকে আঠুৱা জালেৰে, কম পাহিৰ লানি জালেৰে কণীযুক্ত মাছৰ নিধন কাৰ্য অব্যাহত ৰখাৰ লগতে খাল-বিল, জলাশয় আদিত বিহ প্ৰয়োগ কৰিও এনে দুষ্কাৰ্য অব্যাহত ৰাখিছে।
ইয়াৰে আঠুৱা জাল ইমান ক্ষতিকাৰক যে এনে জালৰ স্পৰ্শত অগণন পোণা মাছৰ মৃত্যু হোৱাৰ লগতে জলাশয়ত মাছে এৰি দিয়া কণীৰো ক্ষতি হয়।