ডিজিটেল ডেস্কঃ আইচিচিয়ে সলনি কৰিলে ক্ৰিকেটৰ নিয়ম৷ ২৮ ছেপ্তেম্বৰৰ পৰা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত নতুন নিয়মসমূহ কাৰ্যকৰী হ’ব৷ আইচিচিয়ে বেটৰ জোখ সলনি কৰিছে বুলিও জানিব পৰা গৈছে৷ খেলুৱৈয়ে দুৰ্ব্যৱহাৰ কৰিলে খেল পথাৰৰ ভিতৰতে শাস্তি ঘোষণা কৰিব পাৰিব আম্পায়াৰে৷ ফুটবলৰ দৰে লাল কাৰ্ড দেখুৱাব পাৰিব ক্ৰিকেটত৷ নতুন নিয়ম কাৰ্যকৰী হ’ব দক্ষিণ আফ্ৰিকা বনাম বাংলাদেশ, পাকিস্তান বনাম শ্ৰীলংকা টেষ্টত৷
আইচিচিয়ে ‘এমচিচি লট’ছ অৱ ক্ৰিকেট’ ২০১৭-কোডত এই নিয়ম সমূহ অন্তৰ্ভুক্ত কৰিব৷ আইচিচিৰ মহা প্ৰৱন্ধক জিওফ আলৰ্ডাইচে আম্পায়াৰ সকলক লৈ এখন কৰ্মশালা অনুষ্ঠিত কৰা বুলি কৈ এমচিচিৰ প্ৰস্তাৱৰ ভিত্তিত নিয়ম সলনি কৰাৰ কথা উল্লেখ কৰে৷ আম্পায়াৰসকলক লৈ এই নিয়মসমূহ বুজাবলৈ কৰ্মশালা অনুষ্ঠিত কৰাৰ কথা উল্লেখ কৰি এতিয়া আমি প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ সাজু বুলি কয় জিওফে৷