গুৱাহাটীঃ আজি ৮ মাৰ্চ৷ সমগ্ৰ বিশ্বতে আজিৰ দিনটোতে পালন কৰা হয় আন্তৰ্জাতিক নাৰী দিৱস৷ ১৯০৮ চনত নিউয়ৰ্কত প্ৰথমবাৰৰ বাবে পালন হৈছিল এই দিৱস৷ তেতিয়াৰ পৰা প্ৰত্যেক বছৰে বিশ্বৰ বিভিন্ন প্ৰান্তত উদযাপন হয় নাৰী দিৱস৷ সমগ্ৰ বিশ্বতে নাৰী দিৱস উদযাপন কৰা হয় নাৰীৰ স্বাধীনতা, নাৰীৰ সুৰক্ষা, নাৰীৰ প্ৰাপ্য অধিকাৰক লৈ৷ নাৰী দিৱসৰ মূল লক্ষ্য হৈছে লিংগ বৈষম্য দূৰ কৰি সম অধিকাৰ প্ৰদান কৰা, নাৰী সকলক শোষণ, বঞ্চনাৰ পৰা মুক্ত কৰা৷
মমতাময়ী, কৰুণাময়ী, সহনশীল, ধৈৰ্যশীল, ত্যাগৰ প্ৰতীক বুলি কোৱা হয় নাৰীক৷ নাৰী সীমাহীন গুণৰ অধিকাৰী৷ কেতিয়াবা যদি নাৰীক দুৰ্গাৰ সৈতে তুলনা কৰা হৈছে আকৌ কেতিয়াবা সৰস্বতীৰ সৈতে তুলনা কৰা হয় নাৰীক৷ পৃথিৱীৰ অনুপম সৃষ্টিৰ মূল চালিকা শক্তি হিচাপে ধৰি লোৱা হয় নাৰীক। নাৰী নাথাকিলে সমাজ সফল হ’ব নোৱাৰে বুলিও কোৱা হয়৷