গুৱাহাটীঃ আজি ৮ মাৰ্চ৷ সমগ্ৰ বিশ্বতে আজিৰ দিনটোতে পালন কৰা হয় আন্তৰ্জাতিক নাৰী দিৱস৷ ১৯০৮ চনত নিউয়ৰ্কত প্ৰথমবাৰৰ বাবে পালন হৈছিল এই দিৱস৷ তেতিয়াৰ পৰা প্ৰত্যেক বছৰে বিশ্বৰ বিভিন্ন প্ৰান্তত উদযাপন হয় নাৰী দিৱস৷ সমগ্ৰ বিশ্বতে নাৰী দিৱস উদযাপন কৰা হয় নাৰীৰ স্বাধীনতা, নাৰীৰ সুৰক্ষা, নাৰীৰ প্ৰাপ্য অধিকাৰক লৈ৷ নাৰী দিৱসৰ মূল লক্ষ্য হৈছে লিংগ বৈষম্য দূৰ কৰি সম অধিকাৰ প্ৰদান কৰা, নাৰী সকলক শোষণ, বঞ্চনাৰ পৰা মুক্ত কৰা৷

মমতাময়ী, কৰুণাময়ী, সহনশীল, ধৈৰ্যশীল, ত্যাগৰ প্ৰতীক বুলি কোৱা হয় নাৰীক৷ নাৰী সীমাহীন গুণৰ অধিকাৰী৷ কেতিয়াবা যদি নাৰীক দুৰ্গাৰ সৈতে তুলনা কৰা হৈছে আকৌ কেতিয়াবা সৰস্বতীৰ সৈতে তুলনা কৰা হয় নাৰীক৷ পৃথিৱীৰ অনুপম সৃষ্টিৰ মূল চালিকা শক্তি হিচাপে ধৰি লোৱা হয় নাৰীক। নাৰী নাথাকিলে সমাজ সফল হ’ব নোৱাৰে বুলিও কোৱা হয়৷

নাৰী হৈছে সৃষ্টিৰ আধাৰ৷ নাৰীৰ অবিহনে সৃষ্টি অসম্ভৱ৷ সেয়ে নাৰীক কোৱা হয় অৰ্ধ আকাশ৷ কিন্তু নাৰীয়ে বৰ্তমানেও সম অধিকাৰ পাইছেনে? নাৰীটো কেতিয়াও পুৰুষৰ কোনো গুণেই কম নহয়? তেন্তে! ই এক বৃহৎ প্ৰশ্ন৷ 

নাৰী দিৱসৰ দিনটোতেই ৰাজস্থানৰ মহিলা আয়োগৰ অধ্যক্ষাই দেশৰ যুৱক সকলক লৈ কটাক্ষমূলক মন্তব্য কৰিছে৷ firstpost.comত প্ৰকাশিত খবৰ মতে, আন্তৰ্জাতিক মহিলা দিৱসৰ এক কাৰ্যসূচীত অংশ লৈ অধ্যক্ষা সুমন শৰ্মাই কয়, যি যুৱকে নিজৰ সুলকি পৰিব খুজা জিনচ পেণ্টকেই চম্ভালিব নোৱাৰে তথা বুকুত সাহ নাই কু-কৰ্মৰ বিৰুদ্ধে যুঁজ দিবলৈ, সেইসকলে কেনেকৈ নিজৰ বাই-ভনীক বিপদৰ পৰা ৰক্ষা কৰিব পাৰিব৷

তেওঁ লগতে কয়, যিসকল যুৱকে কঁকালৰ তলত পেণ্ট পিন্ধি ঘূৰি ফুৰে, শিথিল হৈ পৰা পেণ্টক কঁকালৰ ওপৰলৈ টানি লোৱাটো অসমৰ্থ, সেইসকলে নিজৰ ভগ্নীক কিদৰে সুৰক্ষা প্ৰদান কৰিব৷ ইয়াৰোপৰি শৰ্মাই বৰ্তমান যুৱকসকলে ছোৱালীৰ দৰে কাণত ফুলি পিন্ধি ফুৰাকলৈও মন্তব্য কৰে৷ শৰ্মাই কয় বৰ্তমান আমাৰ যুৱসমাজ কোনফালে ধাৱিত হ’ব ধৰিছে তাক বুজিব পৰাটো কঠিন৷ কিয়নো এটা সময়ত কল্পনা কৰা হৈছিল যে, দেশৰ যুৱকসকলে বুকু পিন্ধাই নিজৰ পৰিচয় বিশ্বৰ আগত দিব পাৰে৷

কিন্তু বৰ্তমান দেশৰ একাংশ যুৱকক ছোৱালীৰ বেশ ধাৰণ কৰাহে দেখিবলৈ পোৱা যায়৷ ছোৱালীয়ে জিৰ’ ফিগাৰৰ সন্তোলন ৰাখিবৰ বাবে কৰি অহা কামবোৰ একাংশ যুৱকে জিৰ’ কৰিবলৈ বিচকা কাৰ্যত আশ্চৰ্য প্ৰকাশ কৰে শৰ্মাই৷ লগতে মাটিত চুঁচৰি যোৱাকৈ জিন্স পিন্ধি ঘূৰি ফুৰা যুৱসমাজে অন্যায়ৰ বাবে যুঁজ দিবলৈ বুকুত সাহস নথকাৰ কথাও ব্যক্ত কৰে অধ্যক্ষা গৰাকীয়ে৷ শৰ্মাই কয়, দেশৰ যুৱকসকলৰ এনেবোৰ কাৰ্যক আলোচনাৰ বিষয় হিচাপে লোৱা নাই বৰং অধোঃগতিৰে যাব ধৰা যুৱ সমাজৰ পৰিৱৰ্তন হোৱাটোহে কামনা কৰোঁ৷

কিয়নো দেশৰ ভৱিষ্যত নিৰ্ভৰ কৰে যুৱ-সমাজৰ ওপৰতেই৷ মাতৃয়ে বিচৰাৰ দৰে সন্তান কৰ্তব্যপৰায়ণ হওঁক, দায়িত্বশীল হওঁক, সংস্কাৰমুখী হওঁক৷ আমিও দেশৰ যুৱকসকল উত্তৰণমুখী হোৱাটো কামনা কৰোঁ বুলি কয় সুমন শৰ্মাই৷ ইয়াৰোপৰি নাৰীৰ অবিহনে পুৰুষ যে পংগু, সেই কথাও ব্যক্ত কৰে শৰ্মাই৷ পুৰুষ সকলক বাহ্যিক দৃষ্টিত যিমান কঠোৰ বুলি ভৱা হয়, ভিতৰত কিন্তু একেবাৰেই দুৰ্বল৷ আনহাতে নাৰীসকলক বাহিৰত দুৰ্বল যেন লাগিলেও আভ্যন্তৰীণভাৱে অত্যন্ত শক্তিশালী বুলি কয় অধ্যক্ষাগৰাকীয়ে৷

নাৰীয়ে সদায় স্বাধীনভাৱে থাকিব বিচাৰে৷ পুৰুষৰ সতে সমতাৰে কটাব বিচাৰে৷ কিন্তু নাৰী সকল ইমানো স্বাধীনমুখী হৈ পৰিব নালাগে যে, যাৰ বাবে পৰিয়ালৰ লগতে সমাজৰ ক্ষতিকাৰক হয়৷ মহিলাসকলক একেবাৰে কমজোৰ বুলিও ভৱাটো অনুচিত বুলি কৈ সকলো দিনতে, সকলো সময়তে যাৰ আওঁতা লৈ নাৰী দিৱস পালন কৰাটো অপ্ৰয়োজনীয় বুলি মন্তব্য কৰে মহিলা আয়োগৰ অধ্যক্ষা গৰাকীয়ে৷ উল্লেখ্য যে, নাৰী দিৱসৰ লগত সংগতি ৰাখি উক্ত অনুষ্ঠানত নাৰীৰ সৱলীকৰণৰ ক্ষেত্ৰত কাম কৰি অহা মহিলাসকলক সম্বৰ্ধনা জনোৱা হয় বুলি জানিব পৰা গৈছে৷

#অসমৰ নাৰী, পঢ়ক তলৰ কথাখিনি.....

#অসমৰ নাৰীৰো আছে এক বৰ্ণিল ইতিহাস। অসমৰ নাৰী ঘৰৰ ভিতৰত পৰ্দাৰ আৰত থাকি ঘৰৰ কাম বন কৰি সময় পাৰ কৰিছিল৷ অসমৰ নাৰী একপ্ৰকাৰ গৃহবন্দী আছিল৷ কিন্তু লাহে লাহে বোৰ সময় সলনি হ’ল৷ নাৰীয়ে বন্দীত্বৰ শিকলিৰ পৰা মুক্ত হ'ল খোল খালে বন্দীত্ব৷ লাহে লাহে মুকলি আকাশৰ তলতৈ ওলাই আহিলে অসমৰ নাৰী৷ এতিয়াৰ নাৰী স্বাধীন৷ নিজৰ অধিকাৰৰ বাবে যুঁজ দিব পৰা হ’ল৷ ৰাজ পথত প্ৰতিবাদ সাব্যস্ত কৰি মুখ্যমন্ত্ৰীৰ পৰা মন্ত্ৰী, বিধায়কৈ হ'ল অসনৰ নাৰী। নাৰীয়ে উচ্চ শিক্ষা গ্ৰহণ কৰিলে৷ চৰকাৰৰ উচ্চ পদবীত অধিষ্ঠিত হ’ল৷ আত্ম-নিৰ্ভৰশীল হৈ পৰিল নাৰী৷ পুৰুষৰ সমানে সমানে আগুৱাই গ’ল আধুনীক নাৰী৷ মহাকাশ ভ্ৰমি নাৰীয়ে প্ৰমাণ কৰিলে নাৰী কোনো কাৰণতে দুৰ্বল নহয়৷ 

বিশ্বৰ কেইবাখনো দেশৰ শাসনভাৰ নাৰীয়ে হাতত লৈ চলাইয়ো প্ৰমাণ কৰিলে প্ৰশাসন চলাব পৰাৰ কথা৷ আমাৰ চুবুৰীয়া দেশ বাংলাদেশৰ ৰাজনৈতিক ক্ষেত্ৰখনত দুগৰাকী মহিলাই ফেৰ মাৰি আহিছে৷ আমাৰ দেশত ছোনিয়া গান্ধী, সুষমা স্বৰাজ, প্ৰতিৰক্ষাৰ দৰে মন্ত্ৰীৰ দায়িত্ব লয় নিৰ্মলা সীতাৰমণ। ৰাজনীতিত পৰিপক্কতাৰ পৰিচয় দিছে আমাৰ ৰাজ্য আৰু দেশৰ মহিলাই৷ কেৱল ৰাজনীতিতে নহয় খেল, চিনেমা, উদ্যোগ ক্ষেত্ৰখনত জিলিকি উঠিছে দেশৰ নাৰী৷ 

আমাৰ ৰাজ্যখনত তথা উত্তৰ-পূৰ্বাঞ্চলত বহু নাৰীয়ে দেশ তথা জাতিৰ হকে কাম কৰি পৰিচয় দাঙি ধৰিছে৷ দেশৰ হকে প্ৰাণ দিবলৈ কুন্ঠাবোধ কৰা নাছিল আমাৰ ৰাজ্যখনৰ বহু নাৰীয়ে৷ স্বাধীনতা আন্দোলনত জপিয়াই পৰিছিল আমাৰ ৰাজ্যৰ নাৰীয়ে৷ অসমৰ ইতিহাসৰ পাতত সোণালী আখৰেৰে নাম লিপিবদ্ধ হৈ থকা কনকলতা স্বাধীনতা আন্দোলনৰ সেনানী আছিল৷ স্বাধীনতা আনদোলনৰ সময়ত বৃটিছৰ বিৰুদ্ধে যুঁজ দিবলৈ গঠন হোৱা ‘মৃত্যু বাহিনী’ত যোগ দিছিল সাহসী নাৰী কনকলতাই৷

১৯৪২ চনৰ ২০ চেপ্টেম্বৰত বৃটিছৰ পতাকা নমাই ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰিবলৈ গৈ মৃত্যুক আকোৱালি লৈছিল তেওঁ৷ হাজাৰ হাজাৰ পুৰুষৰ মাজৰ পৰা অকলে থানাৰ ভিতৰলৈ গৈ বৃটিছৰ পতাকা নমাবলৈ গৈ কনকলতাই যুজ দিছিল দেশ তথা দহৰ হকে৷ বৃটিছৰ চিপাহীয়ে কনকলতাক বুকুলৈ লক্ষ্য কৰি গুলী কৰি হত্যা কৰিছিল কনকলতাক৷ 

অসমৰ বুৰঞ্জীৰ ইতিহাসৰ পাত লুটিয়াই চালে জয়মতী কুঁৱৰীৰ চৰিত্ৰই সকলোকে চিন্তিত কৰে৷ জয়মতীৰ দৰে সাহসী নাৰীয়ে দেশৰ হকে জীৱন ত্যাগ কৰাৰ উদাহৰণ আছে৷ আহোমৰ তুংখুঙীয়া ফৈদৰ কোঁৱৰ গদাপাণিৰ পত্নী জয়মতীয়ে দেশৰ হকে জীৱন ত্যাগ কৰাৰ বাবে সদায় চিৰস্মৰণীয় হৈ থাকিব৷ বিশেষ পৰিস্থিতিৰ দাস হৈ স্বামী গদাপাণিয়ে পলাই ফুৰিবলগীয়া হৈছিল৷

জয়মতীয়ে তেওঁৰ ঠিকনা ৰজাৰ সৈন্যক নকৈ বহুদিন ধৰি শাস্তি খাই অৱশেষত মৃত্যু বৰণ কৰিছিল৷ পৰাধীন ভাৰতৰ আন এগৰাকী বিৰংগনা ভোগেশ্বৰী ফুকননী৷ স্বাধীনতা আন্দোলনৰ হোতা আছিল ফুকননী৷ দেশৰ স্বাধীনতা আন্দোলনত জপিয়াই পৰি জেল হাজোতলৈ গৈছিল তেওঁ৷ ১৯৪২ চনৰ ২০ ছেপ্টেম্বৰত বৃটিছৰ গুলীত নিহত হৈছিল এইগৰাকী অসমীয়া নাৰী৷ 

‘#আন্তৰ্জাতিক নাৰী দিৱস’ৰ শুভ ক্ষণত newsnextone.com-এ বিশ্বৰ সকলো নাৰীয়ে সমঅধিকাৰৰ জৰিয়তে সুৰক্ষিত হৈ থকাটো কামনা কৰিলোঁ৷