ফিলোবাৰীঃ জৈৱিক পদ্ধতিৰে সেউজ চাহ, বগা চাহ, ক’লা চাহ, ঢেকী চাহ আৰু চুঙা চাহ প্ৰস্তুত কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে এজন অসমীয়া যুৱকে। আনকি অসমৰ চাহৰ ক্ষেত্ৰখনক অন্য এক মাত্ৰা দিবলৈ সক্ষম হোৱা যুৱকজনে আন্তঃৰাষ্ট্ৰীয় সন্মানো লাভ কৰিছে।
উদ্যোগী যুৱকজনৰ নাম কংকনজ্যোতি গোস্বামী। গোস্বামীৰ ঘৰ ফিল’বাৰীৰ ৰৱৰগুৰি গাঁৱত। বিগত তিনিবছৰ ধৰি গোস্বামীয়ে নিজা ঘৰতে এটি অত্যাধুনিক ক্ষুদ্ৰ চাহ উদ্যোগ প্ৰতিষ্ঠা কৰি প্ৰস্তুত কৰিছে জৈৱিক চাহ।