67
Representative image
গোলাঘাটৰ নিজা প্ৰতিবেদক: ৰাজ্য খনত বৰ্দ্ধিত ক’ভিড ৰোগীৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে এলানি নতুন নিয়মাৱলী প্ৰযোজ্য কৰিছে ৷ এই নতুন নিয়মাৱলীত কিছু নিয়ম পূৰ্বৰ দৰে বাহাল থাকিব যদিও এইবেলি আন্তঃজিলা যাতায়তত বাধা আৰোপ কৰা হৈছে ৷ অৰ্থাৎ এখন জিলাৰ মানুহ আন এখন জিলালৈ যাব নোৱাৰিব ৷ কিন্তু ৰোগীৰ ক্ষেত্ৰত এই নিয়ম শিথিল যদিও সঠিক আৰু শুদ্ধ কাগজ দেখুৱাব লাগিব ৷