বেংগালুৰুঃ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ দশম সংস্কৰণত "ছানৰাইজৰ্চ হাইদাৰাবাদ" দলটোৰ হৈ জনপ্ৰিয় আইপিএল ভাগ ল’ব সুযোগ লাভ কৰিছে আফগানিস্থানৰ ক্ৰিকেটাৰ মহম্মদ নৱীয়ে৷ ৩০ লাখ টকাৰ বিনিময়ত ছানৰাইজাৰ্ছৰ হৈ খেলিছে ৩২ বৰ্ষীয় খেলুৱৈজনে৷ 

ছানৰাইজাৰ্চ হাইদাৰবাদে এই সংস্কৰণতে আৰু এজন আফগান খেলুৱৈক দলত অন্তৰ্ভুক্ত কৰিছে৷ ৪ কোটিৰ বিনিময়ত দলটোৱে ক্ৰয় কৰিছে ৰছীদ খানক৷

১৮ বৰ্ষীয় ৰছীদে ২০১৫ ত প্ৰথম আন্তৰাষ্ট্ৰীয় খেলখন খেলিছিল৷ ৰছীদ খানৰ বাচনিক লৈ উৎফুল্লিত হোৱা বুলি টুইটাৰযোগে আনন্দ প্ৰকাশ কৰে মহম্মদ নৱীয়ে।