বাগালুৰুঃ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ দশম সংস্কৰণৰ বাবে সোমবাৰে বাংগালুৰুত হোৱা খেলুৱৈৰ নিলামত কোনোবা খেলুৱৈৰ যদি কপাল ফুলিল, কাৰোবাৰ আকৌ খাপ চৰা দামৰ বাবে কোনোৱেও ঘুৰি নাচালে। উচ্চ দৰত বিক্ৰী হোৱা পাঁচগৰাকী খেলুৱৈ আৰু কোনোৱে নাম নোসোধা পাঁচগৰাকী খেলুৱৈৰ তালিকাখন এনেধৰণৰঃ

বাজি জিকা ক্ৰিকেটাৰঃ

১. বেন ষ্ট্ৰোকচক (ইংলেণ্ড) ১৪.৫ কোটি টকাত ৰাইজিং পুণে জিয়ান্টচে ক্ৰয় কৰে। 

২. টাইমল মিলচক (ইংলেণ্ড) ১২ কোটি টকাত ৰয়েল চেলেঞ্জাৰ্চ বেংগালুৰুই ক্ৰয় কৰে।

৩. কাগিচো ৰবাডাক (দক্ষিণ আফ্ৰিকা) ৫ কোটিত কলকাতা নাইট ৰাইডাৰ্চে ক্ৰয় কৰে। 

৪. ট্ৰেণ্ট ব’ল্টক (নিউজিলেণ্ড) ৫ কোটিত ক্ৰয় কৰে কলকাতা নাইট ৰাইডাৰ্চে। 

৫. পেট কমিচক (অষ্ট্ৰেলিয়া) ৪.৫ কোটিত ক্ৰয় কৰে দিল্লী ডেয়াৰডেভিলচে। 

বাজি হাৰা ক্ৰিকেটাৰঃ

১. ঈশান্ত শৰ্মাই ২ কোটিৰ ভিত্তিমূল্য দিছিল যদিও কোনেও তেওঁলৈ ঘুৰি নাচালে। 

২. ইৰফান পাঠানক কোনো ফ্ৰেনচাইজিৰে ক্ৰয় কৰিবলৈ মন নকৰিলে। 

৩. মাত্ৰ ৫০ লাখৰ ভিত্তিমূল্যৰ স্বত্বেও কাৰো নজৰত নপৰিল সম্ভাৱনাপুৰ্ণ ইমৰাণ তাহিৰ। 

৪. কাশ্মীৰৰ অলৰাউণ্ডাৰ পাৰভেজ ৰচুলকো কোনো ফ্ৰেনচাইজিয়ে গুৰুত্ব দিয়া দেখা নগ’ল। 

৫. দক্ষিণ আফ্ৰিকাৰ বলাৰ বেন পেনেলৰো জোলোঙা খালি হৈয়ে থাকিল। 

আকৌ ভাৰতৰ আটাইতকৈ উচ্চ দৰত বিক্ৰী হোৱা খেলুৱৈগৰাকী হৈছে কৰণ শৰ্মা। ৩.৫ কোটিত মুম্বাই ইণ্ডিয়ানচে ক্ৰয় কৰিছে বাওঁহতীয়া বেটচমেনজনক।