লছ এঞ্জেলছঃ পুৰস্কাৰ পাওক বা নাপাওক, ৰেড কাৰ্পেটত খোজ দিয়াৰ হাবিয়াস কাৰ নাথাকে। কিন্তু এই সপোন প্ৰত্যাখান কৰিলে এজন চলচিত্ৰ নিৰ্মাতাই। পুৰস্কাৰ লাভ কৰিও দেশৰ সন্মানৰ খাতিৰতে চলচিত্ৰ জগতৰ সৰ্বোচ্চ সন্মান প্ৰদানৰ অনুষ্ঠান অস্কাৰ বৰ্জন কৰিলে ইৰাণৰ চিত্ৰনিৰ্মাতা আছগৰ ফাৰহাদীয়ে।
‘দ্যা চেলচ্মেনৰ’ ছবিৰ নিৰ্মাতা আছগৰে ডনাল্ড ট্ৰাম্পৰ প্ৰব্ৰজন বিৰোধী নীতিৰ বাবেই এই সিদ্ধান্ত লয় বুলি জনায়৷ দ্যা চেলচ্মেন চলচিত্ৰখনে এই বছৰৰ বিদেশী ভাষাৰ চলচিত্ৰ শিতানত শ্ৰেষ্ঠ চলচিত্ৰৰ সন্মান লাভ কৰিছে৷ ট্ৰাম্পে ৭ খন দেশৰ ওপৰত যি নিষেধাজ্ঞা আৰোপ কৰিছে সেয়া অমানৱীয় আখ্যা দিছে নিৰ্মাতাজনে ৷ নিৰ্মাতাজনে কয় যে তেওঁৰ অনুপস্থিতাই ইৰান আৰু বাকী ৬ খন দেশৰ নাগৰিকৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিছে৷