বিহালীঃ কেঁকোৰা আৰু সাপে ছিঙিলে জলসিঞ্চন বিভাগে লক্ষ লক্ষ টকা খৰছ কৰি নিৰ্মাণ কৰা কেনেল৷ এই ধাৰণা আমাৰ নহয়৷ এই ধাৰণা খোদ বিভাগটোৰ এগৰাকী অভিযন্তাৰ৷ ৰাজ্য চৰকাৰৰ জলসিঞ্চন মন্ত্ৰী ৰঞ্জিৎ দত্তৰ গৃহ সমষ্টি বিহালীত কেকোঁৰা আৰু সাপে কেনেল ছিঙা বুলি অদ্ভুত যুক্তি দিছে এগৰাকী অভিযন্তাই৷
বিভাগীয় মন্ত্ৰী ৰঞ্জিৎ দত্তৰ বিহালী সমষ্টিৰ বিশ্বনাথ জলসিঞ্চন সংমণ্ডলে পশ্চিম জিনজিয়াত কেইমাহমান পূৰ্বে পুৰণি নলা এটি এফআইচি আঁচনিৰ অধীনত প্ৰায় ৬১ লাখ টকাৰে মেৰামতি কৰে৷ কৃষি পথাৰলৈ পানী নিবৰ বাবে লাখ লাখ টকা খৰছ কৰি নিৰ্মাণ কৰা নলাটো দুমাহ নৌহওঁতেই ছিঙি যোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে বিহালীত৷