শ্ৰীহৰিকোটাঃ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা(ইছৰ’)ই পুনৰ সফলতাৰে বৃহস্পতিবাৰে মহাকাশত এলানি কৃত্ৰিম উপগ্ৰহ স্থাপন কৰে৷ 

অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰপৰা পুৱাৰ ৯.৫৭ বজাত পি এছ এল ভি-চি ৪৩ ৰকেটৰ জৰিয়তে মহাকাশলৈ নিক্ষেপ কৰা যানখনে মুঠতে আঠখন দেশৰ ৩১ টা কৃত্ৰিম উপগ্ৰহ কঢ়িয়াই নিয়ে৷

ভাৰতৰ পৃথিৱী নিৰীক্ষণ উপগ্ৰহ HysISৰ লগতে ইছৰ’ৰ ৰকেটটোৱে আমেৰিকাৰ ২৩ টা কৃত্ৰিম উপগ্ৰহ আৰু অষ্ট্ৰেলিয়া, কানাডা, কলম্বিয়া, ফ্ৰিনলেণ্ড, মালয়েছিয়া, নেডাৰলেণ্ড আৰু স্পেইনৰ একোটাকৈ কৃত্ৰিম উপগ্ৰহ মহাকাশত সফলতাৰে স্থাপন কৰে ইছৰ'ই৷

২৮ ঘন্টাৰ পূৰ্বে কাউন্টডাউন আৰম্ভ হোৱা মহাকাশযানখনে ভূপৃষ্ঠ এৰাৰ ১৭ মিনিট ২৭ ছেকেণ্ডৰ পাছতে ভাৰতীয় HysISক নিজ কক্ষত স্থাপন কৰে৷

বিজ্ঞানীসকলে বাকী  ৩০ টা উপগ্ৰহ বিভিন্ন কক্ষত স্থাপন কৰিবৰ বাবে চতুৰ্থ পৰ্যায়ৰ ইঞ্জিন দুবাৰকৈ প্ৰজ্বলন কৰিবলগীয়া হয়৷ ৬৩৬.৩ কিল'মিটাৰ উচ্চতাত প্ৰথমটো উপগ্ৰহ স্থাপনৰ পাছত চতুৰ্থ পৰ্যায়ৰ ইঞ্জিন ৰকেটৰপৰা বিচ্ছিন্ন কৰা হয়৷

বিজ্ঞানীসকলে প্ৰকাশ কৰা মতে ৬৩৬ কিলোমিটাৰ উচ্চতাত ভাৰতীয় উপগ্ৰহ স্থাপন কৰি বাকী থকা ৩০ টা উপগ্ৰহ নিম্ন উচ্চতাত স্থাপনৰ বাবে ৰকটেটো ৫০৪ কিল'মিটাৰ উচ্চতালৈ নমাই অনা হয়৷

ইছৰ’ৰ মুৰব্বী কে ছিভন আৰু আন আন বিজ্ঞানীসকল এই সফলতাত আনন্দিত হৈ পৰা দেখা যায়৷ ইয়াৰ পূৰ্বেও ইছৰ’ই ২০১৬ চনৰ ২৫ ছেপ্টেম্বৰত একেখন যানেৰে বিদেশী ৰাষ্ট্ৰৰ পাঁচটা কৃত্ৰিম উপগ্ৰহসহ মুঠ আঠটা উপগ্ৰহ সফলতাৰে মহাকাশত স্থাপন কৰিছিল৷