ইটালীত ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে কৰ’না ভাইৰাছে। ১৮ মাৰ্চত এটা দিনতেই দেশখনত মৃত্যুক সাৱতি লৈছে ৪৭৫ৰো অধিক ৰোগীয়ে। এই পৰ্যন্ত দেশখনত কৰ’নাত নিহত লোকৰ সংখ্যা হৈছে তিনি সহস্ৰাধিক। কৰ’নাই ভয়াৱহ ৰূপ ধাৰণ কৰা এই পৰিস্থিতিত চিকিৎসকসকলে ৰোগীৰ সৈতে দিন-ৰাতি একাকাৰ কৰি ভাগৰি পৰিছে। তেওঁলোকৰ চকুৰ সমুখতে মিনিটতে শেষ নিশ্বাস ত্যাগ কৰিছে একাধিক লোকে। দেশখনত দেখা এনে ভয়াৱহ পৰিস্থিতিৰ বৰ্ণনা দাঙি ধৰিছে গাভাটেচনি হাস্পিতালৰ চিকিৎসক ডা: ডেনিয়েল মেককিনিয়ে। ‘নিউয়ৰ্ক পোষ্ট’ত চিকিৎসকগৰাকীৰ এই চিঠিসদৃশ বক্তব্য প্ৰকাশ পোৱাৰ পিছতে ছ’চিয়েল মিডিয়াৰ জৰিয়তে সমগ্ৰ বিশ্বতে ভাইৰেল হৈ পৰিছে এয়া। ডাঃ মেককিনিৰ চিঠিসদৃশ এই বক্তব্য অসমীয়ালৈ অনুবাদ কৰিছে বাপুকণ চৌধুৰীয়ে। ইতিমধ্যে চৌধুৰীয়ে নিজৰ ফেচবুক টাইমলাইনত এয়া পোষ্ট কৰিছে আৰু লগে লগে সেয়া সহস্ৰাধিক লোকে শ্বেয়াৰ কৰি অসম তথা ভাৰতত এনে পৰিস্থিতিৰ উদ্ভৱ নহবলৈ সতৰ্কতা অৱলম্বন কৰিবলৈ আৰম্ভ কৰা দেখা গৈছে।
ডা: ডেনিয়েল মেককিনিৰ চিঠিখন…