চণ্ডীগড়ঃ ভয়াৱহ ৰূপ ধাৰণ কৰা কৰ’না ভাইৰাছত আক্ৰান্ত হৈ মৃত্যমুখত পৰা লোকৰ সংখ্যা ৪ জনলৈ বৃদ্ধি পালে ভাৰতত৷ চতুৰ্থজন লোকৰ মৃত্যুৰ এই ঘটনা পোহৰলৈ আহিছে পঞ্জাৱত৷ বৃহস্পতিবাৰে পঞ্জাৱৰ হশ্বিৰাপুৰৰ বংগাৰ এখন চিকিৎসালয়ত মৃত্যু হয় লোকজনৰ৷

চৰকাৰী সূত্ৰই সদৰী কৰা মতে, এপষেক আগতে জাৰ্মানীৰ পৰা ইটালী হৈ ভাৰতলৈ উভতিছিল ৭০ বৰ্ষীয় লোকজন৷ দেশলৈ উভতাৰ পিছতে বুকুৰ বিষত ভোগা লোকজনক লগে লগে বংগাৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷ স্বাস্থ্য পৰীক্ষাৰ অন্তত পজিটিভ ধৰা পৰাত লোকজনক আইছ’লেশ্যনত ৰাখি চিকিৎসাৰ ব্যৱস্থা কৰে চিকিৎসালয় কৰ্তৃপক্ষই৷ 

ইফালে, লোকজনৰ দেহত পজিটিভ ধৰা পৰাৰ পিছতে তেওঁ বাস কৰা গাঁওখনৰ লগতে প্ৰায় ৩ কিলোমিটাৰ ব্যসাৰ্ধৰ অঞ্চল ছীল কৰি দিছে প্ৰশাসনে৷ যিগৰাকী চিকিৎসকে পজিটিভ ধৰা পৰাৰ পূৰ্বেই তেওঁৰ চিকিৎসা কৰিছিল সেইগৰাকী চিকিৎসককো কোৱাৰেণ্টাইনত ৰখা হৈছে৷

লোকজনৰ সস্পৰ্শলৈ অহা পৰিয়ালবৰ্গ তথা আত্মীয়-স্বজন আৰু বন্ধু-বৰ্গকো কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰিছে স্থানীয় প্ৰশাসনে৷ বুধবাৰৰ পৰা সম্পূৰ্ণৰূপে ছীল কৰি দিয়া হৈছে লোকজনৰ বাসগৃহ৷

উল্লেখ্য যে আজিৰ দিনটোত দেশৰ ভিন্নপ্ৰান্তত অতিকমেও আৰু ১৮ জনৰ লোকৰ দেহত নতুনকৈ কৰ’না ভাইৰাছৰ পজিটিভ পোৱা গৈছে৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে সদৰী কৰা মতে ভাৰতত এইপৰ্যন্ত কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাই হৈছেগৈ ১৬৯ গৰাকী৷ 

বিশ্বৰ ভিন্নপ্ৰান্তত ৮৮০০ ৰো অধিক লোকৰ মৃত্যু

সমগ্ৰ বিশ্বত মহামাৰী ৰূপ ধাৰণ কৰা কৰ’নাত এতিয়ালৈকে মৃত্যু হৈছে ৮৮০০ ৰো অধিক লোকৰ৷ ইয়াৰে ৪১৩৪ গৰাকীয়েই ইটালী তথা ইউৰোপৰ আন কেবাখনো দেশৰ৷ ইটালীত বুধবাৰে এটা দিনতে ৪৭৫ৰো অধিক লোকৰ প্ৰাণহানি ঘটাৰ খবৰ পোৱা গৈছে৷ আনহাতে উৎপত্তিস্থল চীনৰ লগতে এছিয়াৰ দেশসমূহত এই পৰ্যন্ত ৰোগবিধৰ চিকাৰ হৈছে ৩৪১৬ গৰাকী৷ 

যোৱা ২৪ ঘণ্টাত এই ভাইৰাছত বিশ্বৰ ভিন্ন প্ৰান্তত প্ৰাণ হেৰুৱাইছে ৭১২ গৰাকী লোকে৷ আনহাতে এই সময়ছোৱাত নতুনকৈ সংক্ৰমিত হৈছে অতি কমেও ৯০,২৯৩গৰাকী লোক৷ তাৎপৰ্যপূৰ্ণ যে ইউৰোপত চীনতকৈয়ো দ্ৰুতগতিত ইজনৰ পৰা সিজনলৈ বিয়পিছে এই মাৰাত্মক ভাইৰাছবিধ৷