গুৱাহাটীঃ কৰ’না ভাইৰাছক লৈ ভাৰত চৰকাৰৰ লগতে অসম চৰকাৰেও হাতত লৈছে বিভিন্ন সতৰ্কতামূলক পদক্ষেপ। ইতিমধ্যে ভাৰতত এই মাৰাত্মক ভাইৰাছত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ৪জনকৈ লোকে। অসমত সৌভাগ্যক্ৰমে এজনো লোকক কৰ’না ভাইৰাছে পোৱা নাই যদিও অনাগত দিনতো যাতে নাপায় তাৰ বাবে সজাগতাৰ বাদে গত্যন্তৰ নাই। 

ৰোগবিধে যাতে অসমত ত্ৰাসৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে কটন বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগেও সাধ্যানুযায়ী প্ৰয়াস কৰা দেখা গৈছে। এই অনুযায়ী বিশ্ববিদ্যালয়খনৰ ৰসায়ন বিজ্ঞান বিভাগে নিজাববীয়াকৈ হেণ্ড ছেনিটাইজাৰ (Hand Sanitizer) প্ৰস্তুত কৰি আজি বিশ্ববিদ্যালয়ত  বিতৰণ কৰে। বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য অধ্যাপক ভৱেশ চন্দ্ৰ গোস্বামীৰ তৎপৰতাত ক'ৰনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ উদ্দেশ্যে এই ব্যৱস্থা গ্ৰহণ কৰে বিভাগটোৱে৷ 

উক্ত বিতৰণ কাৰ্যসূচীত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ লগতে পঞ্জীয়ক অধ্যাপক দিগন্ত কুমাৰ দাস, ৰসায়ন বিজ্ঞান বিভাগৰ মূৰব্বী ড° প্ৰহাস চন্দ্ৰ শৰ্মা, প্ৰকল্প সমন্বয়ক ড° মনজিৎ কুমাৰ ভট্টাচাৰ্যকে আদি কৰি কেবাগৰাকী অধ্যাপক উপস্থিত থাকে। বিতৰণ কাৰ্যসূচীত সহযোগিতা আগবঢ়ায় ড° সঙ্গীতা অগ্ৰৱাল আৰু গৱেষক ছাত্র হীৰেন নাথ, অমল  দাস, বিদুৎ দাস আৰু প্ৰণয় শৰ্মাই।

কৰ’না ভাইৰাছক লৈ সৰ্বত্ৰে আতংকময় পৰিৱেশ সৃষ্টি হোৱাৰ লগতে ফাৰ্মাচী তথা আন দোকানত ছেনিটাইজাৰৰ নাটনি হোৱালৈ চাই বিশ্ববিদ্যালয়খনৰ ৰসায়ন বিজ্ঞান বিভাগে হাতত লোৱা এই পদক্ষেপক একমুখে প্ৰশংসা কৰিছে সচেতন মহলে। কটনৰ দৰেকৈ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগেও অনুৰূপ কাৰ্যসূচী হাতত ল’লে ৰাইজে যথেষ্ট সকাহ পাব বুলি মত প্ৰকাশ কৰিছে অধিকাংশ লোকে।