কোকৰাঝাৰঃ কোব্ৰা মিলিটেৰী অৱ আসাম চমুকৈ আকমাৰ জাব্ৰিয়াছ খাখা গোটে নিজৰ অস্তিত্ব তথা দুৰ্বলতা ঢাকিবৰ কাৰনে আকমাত বিভাজন হোৱা নাই বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰাত নৱগঠিত আকমাৰ কানহু গোটৰ অধ্যক্ষ উৰ্খান্দম কিসপোটা আৰু সহকাৰী সম্পাদক দীপ্তি কিস্কুয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷
আজি এক বিবৃতিযোগে আকমাৰ কানহু গোটৰ উক্ত নেতাদ্বয়ে কয় যে কানহু গোটত থকা ২৭১ গৰাকী সদস্যৰ তালিকা ইতিমধ্যে অসম চৰকাৰ তথা জিলা আৰক্ষী অধীক্ষকৰ ওচৰত দাখিল কৰা হৈছে ৷ তৎসত্বেও আকমাৰ (খাখা) গোটৰ উপসভাপতি বিনকান্ত সোৰেনে আকমাত কোনো বিভাজন হোৱা নাই বুলি যি মন্তব্য প্ৰকাশ কৰিছে সেয়া সম্পূৰ্ণ মিছা আৰু কোনো সত্যতা নাই৷