কোকৰাঝাৰঃ ৰাজ্যত বসৱাস কৰা অাদিৱাসীসকলক জনজাতিকৰণ কৰা , উচ্ছেদিত অাদিৱাসীসকলক পুণৰসংস্থাপন দিয়া , অাদিৱাসী বিদ্ৰোহী গোটসমুহৰ সমস্যা অালোচনাৰ জৰিয়তে সমাধান কৰা অাদিকে ধৰি কেৱাটাও দাবীৰ সমৰ্থনত অাদিৱাসী জাতীয় অভিৱৰ্তনে চমুকৈ এএনচিয়ে অহা ২২ মাৰ্চত অাহ্বায়িত ১০ঘণ্টীয়া ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী অনিবাৰ্য কাৰণবশত স্থগিত ৰাখি উক্ত কাৰ্যসূচী ৭ এপ্ৰিললৈ পিছুৱাই দিছে।
অাজি সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত এএনচিৰ অান্দোলন গোটৰ সভাপতি বয়েল হেমব্ৰম অাৰু সাধাৰণ সম্পাদক বীৰসিং মুণ্ডাই কয় যে যোৱা ৯ মাৰ্চত মুখ্যমন্ত্ৰীৰ সতে অালোচনাকালত অাদিৱাসীৰ জাতীয় সমস্যা সমাধানত কোনো ইতিবাচক সঁহাৰি পোৱা নগল যদিও মুখ্যমন্ত্ৰীয়ে দিয়া মৌখিক প্ৰতিশ্ৰুতিৰ প্ৰতি সন্মান জনাই এএনচিয়ে পূৰ্বঘোষিত কাৰ্যসূচী পিছুৱাই দি ধনাত্মক ফলাফলৰ বাবে অপেক্ষা কৰিব।