জাগীৰোডঃ জাগীৰোডত ব্যৱসায়ীৰ ৰূপত ভূ-মাফিয়াৰ দপদপনি৷ ৱে’ ব্ৰিজৰ বাবে লিজত লোৱা ভূমিৰ ম্যাদ উকলি যোৱাৰ পিছতো দখল এৰি নিদিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ উলুটাই মাটিৰ গৰাকীক ভয়-ভাবুকি দিয়াৰ অভিযোগ ব্যৱসায়ী কাৰ্তিক দে’ৰ বিৰুদ্ধে৷
অভিযোগ অনুসৰি ২০০৩ চনৰ ৩ জানুৱাৰীত জাগীৰোডৰ ব্যৱসায়ী কাৰ্তিক দে’ক ১০ বছৰৰ বাবে ভূমি লিজত দিছিল মহেশ্বৰ লালুং নামৰ লোকজনে৷ তাৰ পিছৰে পৰা ব্যৱসায়ী কাৰ্তিক দে’ই গোভা মৌজাৰ ন-খোলা কিচামতৰ ৪৬ নং ম্যাদি পট্টাৰ ৪৬৭ নং দাগৰ ১ কঠা ১০ লোচা উক্ত ভূমিত প্ৰগতি ৱে’ ব্ৰিজ স্থাপন কৰি ব্যৱসায় চলাই আহিছিল৷