108
জাগীৰোডঃ উদুলি-মুদুলি পৰিৱেশৰ মাজেৰে দেওবাৰে জাগীৰোডৰ ছগ্ৰাচালত যষ্ঠ তিৱা লোক সাংস্কৃতিক মহোৎসৱ ২০১৯ অনুষ্ঠিত কৰা হয়৷ তিৱা জনগোষ্ঠীয় জনজীৱনৰপৰা প্ৰায় লুপ্ত হ’বলৈ ধৰা লোক-সংস্কৃতি সমূহক পুনৰ উজ্জীৱিত কৰি নৱ-প্ৰজন্মৰ মাজত জীয়াই ৰখাৰ লগতে এখন বৃহৎ তিৱা সাংস্কৃতিক সমাজ গঢ়াৰ লক্ষ্যৰে জাগীৰোডৰ ছগ্ৰাচালত তিৱা কাণ্ঠিজুৰি চাল সমাজে প্ৰতি বছৰে তিৱা লোক সাংস্কৃতিক মহোৎসৱ অনুষ্ঠিত কৰি আহিছে৷
