জাগীৰোডঃ শনিবাৰে দুপৰীয়া এক কৰুণ ঘটনা সংঘটিত হয় জাগীৰোড থানাৰ অন্তৰ্গত হাতীউঠা গাঁৱত। তিনিগৰাকী সমনীয়া কিশোৰীয়ে এটা পুখুৰীত গা ধুবলৈ গৈ কৰুণ মৃত্যুক সাবটি লোৱা ঘটনাই গাঁওখনত শোকাকুল পৰিৱেশ সৃষ্টি কৰিছে।
সম্ভৱতঃ আহ আমি তিনিও মিলি গা ধুবলৈ যাওঁ আহ বুলি ঘৰৰপৰা নাতিদূৰত থকা এটা পুখুৰীলৈ গৈছিল তিনি সমনীয়া কিশোৰী। পুখুৰীৰ পাৰলৈ গৈ পৰিস্মিতা ইংতি (১১), মনালিছা ইংতি (১১) আৰু কিৰণময়ী ইংতি (১২) নামৰ তিনি কিশোৰীয়ে গা ধুবলৈ নামি গৈছিল মৃত্যুয়ে হাতবাউলি দি থকা পুখুৰীটোলৈ। দুৰ্ভাগ্য ক্ৰমে পুখুৰীটোৰ দ ঠাইত পৰি যোৱাত একেলগে সলিল সমাধি ঘটে তিনি কিশোৰীৰ।