newsnextone ১১অক্টোবৰ,মাৰ্ঘেৰিটাঃ জাগুনৰ আঠ মাইলত শোকাবহ পথ দুর্ঘটনা। ১৫৩ নং ষ্টীলৱেল ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত এজন লোকক এখন মালবাহী বলেৰ পিক-আপ গাড়ীয়ে মহতিয়াই নিয়ে| ফলত থিতাতে মৃত্যু সাৱতি লব লগা হয় চাইকেল আৰোহী জন | চাইকেল আৰোহী জনৰ নাম জয়দ্বীপ বৰা। ইপিনে ঘটনা সংঘটিত হোৱাৰ পাছত চালকজনে জাগুন আৰক্ষী চকীত গাড়ীসহ আত্মসৰ্পমন কৰে৷বলেৰ পিক-আপ গাড়ীখনৰ নম্বৰ AS 23 BC 5969 ৷

প্ৰত্যক্ষদৰ্শীৰ মতে চাইকেল আৰোহীজন জাগুণৰ পৰা জয়ৰামপুৰৰ অভিমুখে অহা থকা অৱস্থাত দুৰ্ঘটনাটো সংঘটিত হয়| ইতিমধ্যে জাগুণ আৰক্ষীয়ে মৃতদেহ চমজি লৈ মৰোণত্তো পৰীক্ষাৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ কৰিবৰ বাবে যো-জা চলাইছে |