• মাৰ্ঘেৰিটালৈ সন্মান কঢ়িয়াই আনিলে জাগুনৰ কাৰাটেৰ দলে
  • ৬ টাকৈ স্বৰ্ণ পদকৰে জিলিকিল জাগুনৰ সুদক্ষ কাৰাটেৰ দল

লিডুঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ জাগুনৰ এটি সমৰ কলা(কাৰাটে) কেন্দ্ৰৰ খেলুৱৈৰ দলে অলপতে নতুন দিল্লীৰ তালকোটৰাৰ তাৰা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ফুলকন্তেক্ট নেচনেল কায় কুচিন কানকাই কাৰাটে প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি বৃহত্তৰ তিনিচুকীয়া জিলাৰ লগতে মাৰ্ঘেৰিটা মহকুমালৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷ 

যোৱা নৱেম্বৰৰ ২৯ আৰু ৩০ তাৰিখে নতুন দিল্লীৰ তাৰা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ফুলকন্তেক্ট নেচনেল কায় কুচিন কানকাই কাৰাটে প্ৰতিযোগিতাত জাগুনৰ ২৬ জনীয়া এটা কাৰাটে খেলুৱৈৰ দলে অংশ গ্ৰহন কৰি ৬টাকৈ স্বৰ্ণপদৰ লগতে ৮টা ৰূপৰ পদক আৰু ১০টাকৈ ব্ৰঞ্জৰ পদক  আজুৰি আনিবলৈ সক্ষম হয় ৷ যিটো জাগুন বাসীৰ লগতে মাৰ্ঘেৰিটা বাসীৰ বাবে এতিয়া গৌৰৱৰ বিষয় ৰূপে পৰিগনিত হৈছে ৷ 

২১জন যুৱক আৰু ৫গৰাকী যুৱতীৰে গঠিত কাৰাটে দলটোৰ এনে পাৰদৰ্শীতাত এতিয়া সমগ্ৰ জাগুনবাসী ৰাইজৰ লগতে মাৰ্ঘেৰিটাবাসী ৰাইজ উৎফুল্লিত হৈ পৰিছে ৷ অতি সীমামুৰীয়া অঞ্চলৰূপে খ্যাত অসম অৰুনাচল সীমান্তৱৰ্তী এলেকাৰ জাগুনৰ পৰা গৈ ৰাষ্ট্ৰীয় পৰ্যায়ত সু-নাম অৰ্জন কৰি অহাৰ বাবে সদৌ অসম টাংছা ছাত্ৰ সন্থাই অলপতে খেলুৱৈ সকলক সম্বৰ্ধনা জ্ঞাপন কৰি উষ্ম আদৰণি জনায় ৷ 

ইতিমধ্যে দলটিৰ কেইবাগৰাকী খেলুৱৈয়ে পৰৱৰ্তী সময়ত সুদুৰ চীন দেশত অনুষ্ঠিত হব লগীয়া আন্তৰাষ্ট্ৰীয় কেৰাটে প্ৰতিযোগিতা অংশ গ্ৰহণ কৰিবলৈ দ্ৰুত গতিত প্ৰস্ততি চলোৱা বুলিও জানিব পৰা গৈছে ৷ দলটিলৈ News next one ৰ পৰিয়ালৰ  তৰফৰ পৰা অলেখ  শুভকামনা জ্ঞাপন কৰা হ’ল ৷