newsnextone.com | লিডুঃ পশ্চিম বংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীৰ মন্তব্যৰ বিৰুদ্ধে ৰাজ্যুজুৰি ক্ষোভৰ সৃষ্টি হৈছে। অসমত গৃহযুদ্ধৰ পৰিবেশ সৃষ্টি হোৱা বুলি কোৱাৰ লগতে অসমলৈ তৃণমূল কংগ্ৰেছৰ প্ৰতিনিধি আহি অসমত অশান্তিৰ পৰিবেশ সৃষ্টি কৰিব বিচৰাৰ অভিযোগ উত্থাপন হৈছে মমতা বেনাৰ্জী আৰু তৃণমূল কংগ্ৰেছ দলৰ বিৰুদ্ধে।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শনিবাৰে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা জাগুণত সদৌ অসম নিবনুৱা সন্থাৰ জাগুন আঞ্চলিক সমিতিয়ে ১৫৩নং ৰাষ্ট্ৰীয় ঘাইপথত মমতা বেনাৰ্জীৰ প্ৰতিমূৰ্তি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।