জাজৰিঃ কেইবাশতাধিক লোকক গীত-নৃত্য-নাটকেৰে আপ্লুত কৰিলে চাবুকধৰা চৰকাৰী উচ্চ বুনিয়াদী বিদ্যালয়ৰ ছাত্র-ছাত্রীয়ে। ভূৰবন্ধা প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত বিদ্যালয় খনৰ বিশেষ অনুষ্ঠানৰ সৈতে সংগতি ৰাখি পুৱাৰে পৰা নিশালৈকে ছাত্র-ছাত্রী সকলে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰে৷
দুপৰীয়া বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি দিগন্ত কোঁৱৰৰ সঞ্চালনাত অনুষ্ঠিত সভাত বিদ্যালয়খনৰ প্ৰধান শিক্ষক থগিত চন্দ্ৰ বৰুৱাৰ ‘যাত্রা পথৰ অনুভূতি’ নামৰ গ্ৰন্থ উন্মোচন কৰে শিক্ষাবিদ বক্তৰ হুছেইন আৰু জাজৰি প্ৰেছ ক্লাৱৰ সম্পাদক ৰাহুল দেৱ বৰদলৈয়ে।