56
জাজৰিঃ জাজৰিৰ পুৰণি সামাজিক সাংস্কৃতিক অনুষ্ঠান দক্ষিণ জাজৰি সাংস্কৃতিক গোষ্ঠীৰ সৌজন্যত ৩ আৰু ৪ ব’হাগত দুদিনীয়া কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন কৰা হয়।
কাৰ্যসূচী অনুসৰি প্ৰথম দিনা পুৱা পতাকা উত্তোলন কৰে অঞ্চলৰ বিশিষ্ট নাগৰিক অনন্ত বৰদলৈয়ে। ইয়াৰ পাছতে বিভিন্ন খেলধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হয়। দ্বিতীয় দিনা আগবেলা খেল-ধেমালিৰ পাছত বিয়লি ৪ বজাৰপৰা আমন্ত্রিত বিহুৱা দলৰদ্বাৰা প্ৰদৰ্শনীমূলক মুকলি বিহু নৃত্য অনুষ্ঠিত হয়।